ধিক! কোৰোণা আক্ৰান্ত মহানগৰীৰ কোভিড যোদ্ধাৰ সৈতে স্বাস্থ্য বিভাগে কৰিলে এই ব্যৱহাৰ!

News18 Assam | News18-Assam
Updated:June 30, 2020, 12:32 PM IST
ধিক! কোৰোণা আক্ৰান্ত মহানগৰীৰ কোভিড যোদ্ধাৰ সৈতে স্বাস্থ্য বিভাগে কৰিলে এই ব্যৱহাৰ!
আশাকৰ্মীৰ দায়িত্ব থকা সময়তো মহিলাগৰাকীক বিভাগৰ তৰফৰ পৰা মাক্স, হেণ্ড গ্লোপছ, পি পি ই কিট যোগান নধৰাৰ অভিযোগ পৰিয়ালৰ ৷

আশাকৰ্মীৰ দায়িত্ব থকা সময়তো মহিলাগৰাকীক বিভাগৰ তৰফৰ পৰা মাক্স, হেণ্ড গ্লোপছ, পি পি ই কিট যোগান নধৰাৰ অভিযোগ পৰিয়ালৰ ৷

  • Share this:
ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে কোভিড19 আক্ৰান্ত ৰোগী ৷ তেনে সময়ত জনতাক অধিক সজাগ, সচেতন হোৱাৰ আহ্বান ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ৷ পিছে স্বাস্থ্য বিভাগৰ এই গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশ স্বয়ং স্বাস্থ্য বিভাগে ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷  অভিযোগ বিভাগটোৱে নিজে ভংগ কৰিছে জাৰি কৰা নিৰ্দেশ ৷

মহানগৰীৰ বশিষ্ঠ নতুন বজাৰৰ এগৰাকী আশাকৰ্মীৰ দেহত কোভিড 19 ধৰা পৰাৰ পিছতে পোহৰলৈ আহিছে এই ভয়ংকৰ সত্য ৷ মহিলাগৰাকীক চিকিৎসালয়লৈ আনিবলৈ যোৱা ১০৮ সেৱাৰ স্বাস্থ্য কৰ্মী, চালকৰ পিন্ধা নাছিল হেণ্ড গ্লোছ, পিপিই কিট ৷ কেৱল ইমানেই নহয়, মহিলাগৰাকীক চিকিৎসালয়লৈ কঢ়িয়াই অনা বাহন খনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখ ভাগত এৰি থৈ গ’ল ৷ বহুবাৰ মহিলা গৰাকীয়ে চিকিৎসালয়ৰ ভিতৰলৈ গ’ল যদিও চিকিৎসকে উভতাই পঠিয়ালে মহিলাগৰাকীক ৷ এনেকৈ প্ৰায় ৩ ঘন্টা সময় মহিলাগৰাকীয়ে অতিক্ৰম চিকিৎসালয়ৰ বাহিৰত ৷

ইমানেই নহয় অৱশেষত আক্ৰান্ত মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়া হ’ল যদিও নিশা এখন কম্বলৰ বাবে হাহাকাৰ কৰিব লগীয়া হ’ল হাস্পতালত ৷ খাবলৈ দিয়া খাদ্যও মুখত দিব নোৱাৰা বুলি মহিলাগৰাকীয়ে অভিযোগ কৰিছে পৰিয়ালৰ লোকক ৷

স্বাস্থ্য বিভাগৰ এনে ভূমিকাক লৈ  কঠোৰ সমালোচনা পৰিয়াল লোকৰ ৷ আশাকৰ্মীৰ দায়িত্ব থকা সময়তো মহিলাগৰাকীক বিভাগৰ তৰফৰ পৰা মাক্স, হেণ্ড গ্লোপছ, পি পি ই কিট যোগান নধৰাৰ অভিযোগ পৰিয়ালৰ ৷ পৰিয়ালৰ মতে,  মাক্স, হেণ্ড গ্লোপছ, পি পি ই কিট অবিহনে কোৰাণা সংক্ৰমিত ৰোগীৰ ওচৰলৈ যাবলগীয়া হৈছিল কোভিড যোদ্ধাগৰাকী।
First published: June 30, 2020, 12:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading