
কি কি কৰিব নোৱাৰিব কোৰোণাৰ দুয়োটা ডোজ সম্পূৰ্ণ নকৰা লোকেঃ
কি কি কৰিব নোৱাৰিব কোৰোণাৰ দুয়োটা ডোজ সম্পূৰ্ণ নকৰা লোকেঃ
কোৰোণাৰ ভেকচিন ল'লেনে? কোভিড ভেকচিন নোলোৱা লোকৰ বাবে ১৫ জানুৱাৰীৰ পৰা সম্পূৰ্ণ লকডাউন। ঘৰৰ পৰা ওলালেই বিপদ। যাব নোৱাৰিব চৰকাৰী কাৰ্যালয়লৈ, চিনেমা হল, মললৈ। আনকি গাড়ীতো উঠিব নোৱাৰিব। বিয়া বা ৰাজহুৱা যিকোনো অনুষ্ঠানত প্ৰৱেশ নিষিদ্ধ।
শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি কোৰোণাৰ ভেকচিন গ্ৰহণ নকৰা লোকৰ ক্ষেত্ৰত চৰকাৰ কিম্বা প্ৰশাসন অধিক কঠোৰ হ'ব বুলি স্পষ্টকৈ জনাই দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
কি কি কৰিব নোৱাৰিব কোৰোণাৰ দুয়োটা ডোজ সম্পূৰ্ণ নকৰা লোকেঃ
- হোটেল, চিনেমা হল, চৰকাৰী কাৰ্যালয় আদি কোনো ৰাজহুৱা স্থানতে ভেকচিন নোলোৱা মানুহ সোমাব নোৱাৰিব।
- কেৱল হাস্পতালহে ভেকচিন নোলোৱা মানুহ আহিব পাৰিব।
- ৰাজহুৱা প্ৰতিষ্ঠানত ভেকচিন নোলোৱা মানুহ সোমালে কৰ্তৃপক্ষই ২৫ হাজাৰ টকাৰ জৰিমনাৰ সন্মুখীন হ'ব।
- হোটেল, ৰেষ্টুৰেণ্ট আৰু চৰকাৰী কাৰ্যালয় আহিবলৈ হ'লে দুই পালি ভেকছিন ল'বই লাগিব ৷ দুই পালি ভেকছিন লোৱাসকলে চাৰ্টিফিকেট দেখুৱাইহে প্ৰৱেশ কৰিব লাগিব।
- চৰকাৰী কৰ্মচাৰী যিসকলে ভেকচিন লোৱা নাই, সেইসকলে ১৫ জানুৱাৰীৰ পিছত কাৰ্যালয়লৈ আহিব নোৱাৰিব।
- ভেকচিন নোলোৱা লোক উঠিব নোৱাৰিব যিকোনো ৰাজহুৱা গাড়ীত। গাড়ীত উঠাৰ পূৰ্বে দেখুৱাব লাগিব কোৰোণাৰ ভেকচিন লোৱা চাৰ্টিফিকেট।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|