ৰাজ্যবাসীয়ে তৃতীয় দিনাও বিপুল সঁহাৰি জনালে 'ব্যাপক ক'ভিড প্ৰতিষেধক অভিযান'লৈ। ৰাইজৰ সক্ৰিয় অংশগ্ৰহণৰ সূত্ৰে আজিও অসমে অতিক্ৰম কৰিলৈ প্ৰতিষেধক প্ৰদানৰ নিৰ্ধাৰিত দৈনিক লক্ষ্য। কেন্দ্ৰীয় চৰকাৰৰ ক'-উইন প'ৰ্টেলত আপলোড হোৱা তথ্য অনুসৰি বুধবাৰে নিশা ৯ বজা পৰ্যন্ত ৰাজ্যখনৰ ৩,৪৬,৬৮০ গৰাকী লোকক তৃতীয়টো দিনৰ ক'ভিড প্ৰতিষেধক অভিযানে সামৰি লৈছে। অসমৰ বাবে নিৰ্ধাৰিত দৈনিক লক্ষ্য ৩ লাখ গৰাকী লোকৰ বিপৰীতে আজিৰ দিনটোত ক'ভিড প্ৰতিষেধক প্ৰদানৰ এতিয়ালৈকে হাৰ হৈছে ১১৬ শতাংশ।
উল্লেখ্য যে ৰাজ্যৰ স্বাস্থ্য বিভাগে জিলা প্ৰশাসনসমূহৰ সহযোগত যোৱা ২১ জুনৰ পৰা আৰম্ভ কৰা এই ক'ভিড প্ৰতিষেধক মহাঅভিযানৰ প্ৰথম তিনিটা দিনত (আজি নিশা ৯.০০ বজালৈ) মুঠ ৯,৬৭,৫৯৫ গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে। এই অভিযানৰ প্ৰথম দিনা ৩,৭১,০৮০ গৰাকী আৰু কালি দ্বিতীয় দিনা ২,৪৯,৮৩৫ গৰাকী লোকক ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হয়। ব্যাপক ক'ভিড প্ৰতিষেধক অভিযানৰ প্ৰথম তিনিটা দিনক অসম চৰকাৰৰ স্বাস্থ্য বিভাগে বিশেষ ক'ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৰূপে গণ্য কৰি দৈনিক ৩ লাখ লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্যত উপনীত হ'বলৈ পৰীক্ষামূলকভাৱে অভিযানৰ আৰম্ভণি কৰিছিল।
স্বাভাৱিকতে, পৰীক্ষামূলক আৰম্ভণিৰ তিনিটা দিনৰ আশাব্যঞ্জক সফলতাৰ পাছত পৰৱৰ্তী দিনসমূহতো অসমক ক'ভিডমুক্ত কৰাৰ এই নিৰ্ণায়ক অভিযান অধিক জোৰদাৰভাৱে আগবঢ়াই নিবলৈ ৰাজ্য চৰকাৰ সাজু হৈছে। বুধবাৰে নিশা এই কথা সদৰী কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। দুদিন ধৰি উজনি অসমৰ তিনিখন জিলাৰ প্ৰতিষেধক কেন্দ্ৰই কেন্দ্ৰই ঘূৰি এই অভিযান নিৰীক্ষণ কৰাৰ অন্তত আজি নিশা যোৰহাটৰ পৰা গুৱাহাটীলৈ ঘূৰাৰ প্ৰাকক্ষণত স্বাস্থ্যমন্ত্ৰী মহন্তই কয়, 'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী সিদ্ধান্তৰ আধাৰত আৰু আমাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱৰ বলিষ্ঠ নেতৃত্ব তথা দিক্-দৰ্শনত অসমতো পৰহিৰে পৰা আৰম্ভ হোৱা ব্যাপক ক'ভিড প্ৰতিষেধক অভিযানৰ প্ৰথম তিনিটা দিনত আমি অতি আশাব্যঞ্জক সফলতা লাভ কৰিবলৈ সক্ষম হৈছো। ৰাজ্যবাসীৰ ব্যাপক সঁহাৰিৰ বাবেই অসমে ক'ভিড প্ৰতিষেধক প্ৰদানৰ দৈনিক লক্ষ্য অতিক্ৰমকাৰী অগ্ৰণী ৰাজ্যকেইখনৰ অন্যতম হিচাপে ৰাষ্ট্ৰীয় স্তৰতো প্ৰতিষ্ঠা লাভ কৰিছে। ইয়াৰ অসমৰ ৰাইজ প্ৰশংসা আৰু ধন্যবাদৰ পাত্ৰ।'
মহন্তই কয় যে অহা ১৫ আগষ্টৰ ভিতৰতে ৰাজ্যৰ ১৮ বছৰৰ ঊৰ্ধ্বৰ প্ৰতিগৰাকী লোককে ক'ভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্যত উপনীত হোৱাৰ আশা কৰা হৈছে। এই লক্ষ্যত উপনীত হৈ ৰাজ্যখনক ক'ভিডমুক্ত কৰাত সহযোগিতা অব্যাহত ৰাখিবলৈ অসমবাসীক পুনৰবাৰ অনুৰোধ জনাই তেওঁ। মহন্তই জানিবলৈ দিয়া মতে, কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমে আজি নতুনকৈ ১,৬৬,০৬০ পালি বিনামূলীয়া ক'ভিড প্ৰতিষেধক লাভ কৰিছে। ইয়াৰে ১,৩৬,৩৩০ পালি ক'ভিশ্বিল্ড আৰু ২৯,৭৩০ পালি ক'ভাক্সিন প্ৰতিষেধক। ইতিমধ্যে এনএইচএমে এই প্ৰতিষেধক সমূহ আজি নিশাৰ ভিতৰতে প্ৰতিখন জিলালৈ ভাগে ভাগে প্ৰেৰণ কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।