মহানগৰবাসীয়ে দিয়া নাই সঁহাৰি, গুৱাহাটীৰ এপাৰ্টমেণ্টসমূহত আৰম্ভ ক’ভিড টেষ্ট

News18 Assam | News18-Assam
Updated:August 3, 2020, 8:23 AM IST
মহানগৰবাসীয়ে দিয়া নাই সঁহাৰি, গুৱাহাটীৰ এপাৰ্টমেণ্টসমূহত আৰম্ভ ক’ভিড টেষ্ট
ভেটাপাৰা হকী ষ্টেডিয়াম পথৰ উত্তৰায়ণ গ্ৰীণত ঘটালে টেষ্টৰ আৰম্ভণি ৷ উপায়ুক্তই ক'লে বিচৰা ধৰণে পোৱা নাই মহানগৰবাসীৰ সঁহাৰি ৷ 

ভেটাপাৰা হকী ষ্টেডিয়াম পথৰ উত্তৰায়ণ গ্ৰীণত ঘটালে টেষ্টৰ আৰম্ভণি ৷ উপায়ুক্তই ক'লে বিচৰা ধৰণে পোৱা নাই মহানগৰবাসীৰ সঁহাৰি ৷ 

  • Share this:
দহ আগষ্টৰ ভিতৰত এক লাখ ক’ভিড টেষ্টৰ লক্ষ্যৰে দেওবাৰে মহানগৰ প্ৰশাসনে আৰম্ভ কৰিলে এপাৰ্টমেণ্ট সমূহত ৰেপিড এণ্টিজেণ্ট টেষ্ট ৷ ভেটাপাৰা হকী ষ্টেডিয়াম পথৰ উত্তৰায়ণ গ্ৰীণত ঘটালে টেষ্টৰ আৰম্ভণি ৷ উপায়ুক্তই ক'লে বিচৰা ধৰণে পোৱা নাই মহানগৰবাসীৰ সঁহাৰি ৷

চলি আছে অদৃশ্য শত্ৰু ক'ৰোণা বিৰুদ্ধে যুদ্ধ ৷ গণ সংক্ৰমণ যাতে ৰোধ কৰিব পাৰে তাৰ বাবে এইবাৰ মহানগৰ প্ৰশাসনে আৰম্ভ কৰিছে এপাৰ্টমেণ্ট সমূহত ৰেপিড এণ্টিজেণ্ট টেষ্ট ৷ স্থান ভেটাপাৰা হকী ষ্টেডিয়ামৰ উত্তৰায়ণ গ্ৰীণ এপাৰ্টমেণ্ট ৷ এপাৰ্টমেণ্টটোৰ আৱাসী সকলৰ পৰা দেওবাৰে সংগ্ৰহ কৰিলে স্বাব ৷ দহ আগষ্টৰ ভিতৰত ১লাখ টেষ্ট সম্পূৰ্ণ কৰাৰ লক্ষ্য প্ৰশাসনৰ "আমি লক্ষ্য ঠিৰাং কৰিছোঁ ৷ দহ দিনত ১লাখ টেষ্ট সম্পূৰ্ণ কৰিম ৷"—বিশ্বজিৎ পেগু,উপায়ুক্ত কামৰূপ মহানগৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে লগতে আক্ষেপৰে ক'লে স্বাব সংগ্ৰহৰ ক্ষেত্ৰত মহানগৰবাসীৰ পৰা লাভ কৰা নাই পৰ্যাপ্ত সঁহাৰি ৷ উত্তৰায়ণ গ্ৰীণক প্ৰশংসা কৰি উপায়ুক্তৰ সকলোবোৰ এপাৰ্টমেণ্টলৈ আহ্বান আগবাঢ়ি আহক সকলো আবাসী ৷ গণ সংক্ৰমণ ৰোধৰ বাবে মহানগৰ প্ৰশাসনে এইদৰেই আৰম্ভ কৰিছে এপাৰ্টমেণ্ট সমূহত ৰেপিড এণ্টিজেণ্ট টেষ্ট ৷  
First published: August 3, 2020, 8:23 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading