বোকাখাত মহকুমাত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ক'ভিড সংক্ৰমণৰ মাজতে পাতিছিল যজ্ঞ।
বোকাখাত মহকুমাত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ক'ভিড সংক্ৰমণৰ মাজতে পাতিছিল যজ্ঞ।
জিলাত চলি আছে সম্পূৰ্ণ কণ্টেইনমেণ্ট, বলৱৎ হৈ আছে কঠোৰ ক'ভিড নীতি। তাৰ মাজতো একাংশ লোকে নুমলীগড়ত আয়োজন কৰিলে যজ্ঞ। খবৰ পাই যজ্ঞস্থলীত প্ৰশাসনে চলালে অভিযান। পূজাস্থলীৰ পৰা বোকাখাট প্ৰশাসনে খেদি পঠিয়ালে যজ্ঞ আয়োজন কৰা ভক্তসকলক ।
ক'ভিড নীতি ভংগ কৰি প্ৰশাসনৰ ৰোষত পৰিল নুমলীগড় চাহ বাগিছাৰ কৰ্তৃপক্ষ। নুমলীগড় চাহ বাগিছাত নৱনিৰ্মিত দুৰ্গামন্দিৰত যজ্ঞ পাতি থকা অৱস্থাত বোকাখাত মহকুমা প্ৰশাসনৰ চলিল অভিযান। SOP ভংগ কৰি নৱনিৰ্মিত দুৰ্গামন্দিৰত যজ্ঞ পাতিছিল নুমলীগড় চাহ বাগিছাৰ কৰ্তৃপক্ষই।
উল্লেখ্য যে বোকাখাত মহকুমাত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ক'ভিড সংক্ৰমণক লৈ ৰাজ্য চৰকাৰ উদ্বিগ্ন হৈ থকাৰ সময়তে চৰকাৰী নীতি নিৰ্দেশনা উলংঘা কৰি নুমলীগড় চাহ বাগিছাত এনেদৰে যজ্ঞ পতা কাৰ্যক লৈ বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে বোকাখাতৰ মহকুমাধিপতিয়ে। মহকুমাটোত এনে কাৰ্যৰ পৰা জনসাধাৰণক আঁতৰি থাকিবলৈ সকীয়নি প্ৰদান কৰে মহকুমাধিপতিয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|