কোৰোণা ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে অসমত। এনে জটিল সময়ত অসমৰ চাহ বাগিচাসমূহো আক্ৰান্ত হৈছে। এই সময়ত হাজিৰা বা দিন মজুৰি কৰা মানুহ বা পৰিয়ালে বাৰুকৈয়ে আৰ্থিক দৈন্যত ভুগিছে। "কন্টেইনমেন্ট জ'ন"ত থকা পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। তেনে সময়ত মৰনৈ চাহ বাগিচাৰ "কন্টেইনমেন্ট জ'ন"ত থকা পৰিয়ালক কিছু সকাহ দিবলৈ চেষ্টা কৰিছে বি টি আৰৰ তিনি নম্বৰ শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ এম চি এল এ সজল সিংহই।
আজি কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত মোৰনাই চাহ বাগিচাৰ দুটা "কন্টেইনমেন্ট জ'ন"ত থকা মুঠ ৬০টা পৰিয়ালৰ মজত খাদ্য সামগ্ৰী বিতৰণ কৰে সিংহই । কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত মোৰনাই চাহ বাগিচাত সম্প্ৰতি কোভিড -১৯ সংক্ৰমিত হৈছে ৪৫গৰাকী ব্যাক্তি। বাগিচাখনত কোভিড-১৯য়ে গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰাত বাগিচাখনৰ তামা লাইন আৰু বৰো লাইন নামৰ আৱাসিক এলেকা দুটা বিভাগীয় কৰ্তৃপক্ষই "কন্টেইনমেন জ'ন" ঘোষণা কৰিছে ।
'কন্টেইনমেন্ট জ'ন'ত থকা মুঠ ষাঠিটা পৰিয়াল যোৱা সাতটা দিন অতি কষ্টেৰে অতিবাহিত কৰিবলগীয়া হোৱাত এম চি এল এগৰাকীয়ে চাউল , দালি , সৰিয়হৰ তেল, চয়াবিন আদি খাদ্যসামগ্ৰী পৰিয়ালসকলৰ মাজত বিতৰণ কৰে। ইয়াৰ উপৰি এম চি এল এগৰাকীয়ে কন্টেইনমেন্ট জ'নত থকা লোকসকলোৰ কোভিড টেষ্ট আৰু কেভিডৰ ভেকচিন প্ৰদানৰো বুজ লয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|