বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত কোভিডত আক্ৰান্ত হ'ল ৩৭৫৬গৰাকী

News18 Assam | News18-Assam
Updated:June 10, 2021, 9:50 PM IST
বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত কোভিডত আক্ৰান্ত হ'ল ৩৭৫৬গৰাকী
কোভিডত দিনটোত মৃত্যুবৰণ কৰিবলগীয়া হয় ৫১ গৰাকী লোকে।

কোভিডত দিনটোত মৃত্যুবৰণ কৰিবলগীয়া হয় ৫১ গৰাকী লোকে।

  • Share this:

ৰাজ্যৰ কোভিড পৰিস্থিতিৰ বিশেষ উন্নতি হোৱা নাই। পূৰ্বৰ তুলনাত সংক্ৰমণ তথা মৃত্যুৰ সংখ্যা কমিছে যদিও বিগত কেইদিনমান ধৰি প্ৰায় একেই আছে কোভিডৰ সংক্ৰমণৰ ধাৰা। আজিৰ দিনটোত ৰাজ্যত ১,২২,৩১৩গৰাকীৰ কোভিড পৰীক্ষা কৰাৰ অন্তত ৩৭৫৬গৰাকীৰ দেহত ধৰা পৰে কোভিড ভাইৰাছৰ অৱস্থিতি।


ৰাজ্যখনত কোভিড সংক্ৰমণৰ হাৰ আছিল ৩.০৭ শতাংশ। আনহাতে কামৰূপ মহানগৰত ৩২৩গৰাকী লোক আজিও কোভিড আক্ৰান্ত হয়। কোভিডত দিনটোত মৃত্যুবৰণ কৰিবলগীয়া হয় ৫১ গৰাকী লোকে। ৰাজ্যত এতিয়ালৈ কোভিডৰ পৰা আৰোগ্যৰ হাৰ হ'ল ৮৮.৩৯ শতাংশ।

Published by: Gautam Barman
First published: June 10, 2021, 9:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি