গ্ৰামাঞ্চলত গঢ় লৈ উঠা সুৰাৰ ঘাটি, সামাজিক দূৰত্বক পিঠি দি জুম বান্ধি তাচ পাত খেলা, বিয়া-সবাহ আদিৰ পৰা ক'ভিড বিয়পিছে বুলিও মন্তব্য কৰিছে।
গ্ৰামাঞ্চলত গঢ় লৈ উঠা সুৰাৰ ঘাটি, সামাজিক দূৰত্বক পিঠি দি জুম বান্ধি তাচ পাত খেলা, বিয়া-সবাহ আদিৰ পৰা ক'ভিড বিয়পিছে বুলিও মন্তব্য কৰিছে।
যোৰহাটত অধিক ভয়াৱহ হৈ পৰিছে ক'ভিড পৰিস্থিতি। চৰকাৰে ন ন SOP ঘোষণা কৰিছে যদিও নিয়ন্ত্ৰণত অহা নাই ক'ভিড পৰিস্থিতি। শেহতীয়াকৈ জিলাখনৰ টীয়ক ৰাজহ চক্ৰৰ অধীনৰ বহু কেইখন গাঁৱত অভাৱনীয় হাৰত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা।
টীয়কত প্ৰশাসনে ৮ টা কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰাৰ বিপৰীতে চিন্তামণিগড়ত ৮০ জন লোকৰ দেহত ধৰা পৰিছে ক'ভিড প'জিটিভ। এনে ভয়াৱহ সংক্ৰমণৰ মুলতে ৰাইজৰ মাজত সচেতনতাৰ অভাৱ বুলি মন্তব্য কৰিছে বিভিন্নজনে। মুলতঃ গ্ৰামাঞ্চলত গঢ় লৈ উঠা সুৰাৰ ঘাটি, সামাজিক দূৰত্বক পিঠি দি জুম বান্ধি তাচ পাত খেলা, বিয়া-সবাহ আদিৰ পৰা বিয়পিছে বুলিও মন্তব্য কৰিছে। এইক্ষেত্ৰত জিলা প্ৰশাসন অধিক কঠোৰ নহ'লে একো একোখন গাঁও সম্পূৰ্ণ আক্ৰান্ত হোৱাৰ দৰে পৰিস্থিতি উদ্ভৱ হ'ব বুলি মন্তব্য কৰিছে বহুজনে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|