• Home
  • »
  • News
  • »
  • assam
  • »
  • Covid Situation in Assam: অসমত সোমাইছে কোৰোণাৰ ভয়াৱহ Double Mutant! ল'ক ডাউনৰ সম্ভাৱনা কিমান? জনালে মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীয়ে

Covid Situation in Assam: অসমত সোমাইছে কোৰোণাৰ ভয়াৱহ Double Mutant! ল'ক ডাউনৰ সম্ভাৱনা কিমান? জনালে মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীয়ে

শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি পোৱা কোৰোণাৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰিবলৈ বৃহস্পতিবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত এখন সৰ্বদলীয় বৈঠক।

শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি পোৱা কোৰোণাৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰিবলৈ বৃহস্পতিবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত এখন সৰ্বদলীয় বৈঠক।

শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি পোৱা কোৰোণাৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰিবলৈ বৃহস্পতিবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত এখন সৰ্বদলীয় বৈঠক।

  • Share this:
ৰাজ্যত বাঢ়িছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি পোৱা কোৰোণাৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰিবলৈ বৃহস্পতিবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত এখন সৰ্বদলীয় বৈঠক। বৈঠকত উপস্থিত থাকে কংগ্ৰেছ, AIUDF, ৰাইজৰ দল, AJP, AGP, CPI-M, CPI-ML, UPPLৰ প্ৰতিনিধি ৷ মুখ্য সচিব, DGP, বিশেষ শাখাৰ ADGPৰ লগতে ৰাজহ, গৃহ, আবকাৰী, স্বাস্থ্য আদি বিভাগৰ মূৰব্বীসকলো উপস্থিত থাকে বৈঠকত।

বৈঠকৰ শেষত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, 'অসম চৰকাৰৰ তৰফৰ পৰা আমি সকলো ৰাজনৈতিক দলক বৈঠকলৈ আমন্ত্ৰণ জনাইছিলো ৷ আমি প্ৰতিনিধিসকলৰ সৈতে মিলিত হ'লো ৷ সকলো দলে চৰকাৰক সহযোগ কৰাৰ আশ্বাস দিছে ৷ ৰাইজক স্বাস্থ্য বিভাগে দিয়া নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনালো ৷ ৰাইজে কথাবোৰ মৰ্মে মৰ্মে উপলব্ধি কৰিব লাগিব ৷ দিনে নিশাই হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ সকলোৱে কাম কৰিছে ৷ SOP ৰাইজে মানি চলক।' যদি SOP পালন নকৰে তেন্তে  ৰাইজৰ স্বাৰ্থত চৰকাৰ কঠোৰ হব বুলিও জনাই দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

আনহাতে ডিব্ৰুগড় বিমান বন্দৰত ধৰা পৰিছে কোৰোণাৰ Double Mutant। যি অতি ভয়ংকৰ। গতিকে ৰাইজক অধিক সজাগ হবলৈ আহ্বান জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শৰ্মাই লগতে কয় যে,' ল'ক ডাউন দিয়াৰ কথা অহা নাই ৷ কিন্তু ৰাইজে ল'কডাউন দিয়াৰ পৰিৱেশ গঢ়ি তুলিব নালাগে।'

কি এই কোৰোণাৰ Double Mutant?

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় য়ে, কোৰোণাৰ UK আৰু কেলিফৰ্ণিয়াৰ ভেৰিয়েণ্ট লগহৈ Double Mutant ভাৰতত সৃষ্টি হৈছে।  ক্ৰছ হৈ এই Double Mutant হৈছে ৷ ইয়াৰ জন্ম স্থান মহাৰাষ্ট্ৰ ৷ মহাৰাষ্ট্ৰৰ পৰা অসমলৈ শিপাইছে এই Double Mutant। ডিব্ৰুগড় বিমান বন্দৰত ধৰা পৰিছে কোৰোণাৰ Double Mutant। যি অতি ভয়ংকৰ। গতিকে ৰাইজক অধিক সজাগ হোৱাৰ প্ৰয়োজন।

বন্ধ হ'ব নেকি শিক্ষানুষ্ঠান?

মন্ত্ৰী শৰ্মাই কয় যে,  'কোৰোণাত আক্ৰান্তৰ সংখ্যাই প্ৰতিদিনে ১০০০ পাৰ কৰিলেই বন্ধ কৰা হ'ব শিক্ষানুষ্ঠান। ল'ক ডাউন দিয়াৰ পৰিবেশ যাতে নহয়, তাৰ প্ৰতি ৰাইজে সৰ্তক হওক ৷' মন্ত্ৰী শৰ্মাই লগতে কয় যে, 'প্ৰধানমন্ত্ৰীয়ে ল'কডাউন নহয় কৈছে যেতিয়া নহয়। মৃত্যুৰ হাৰ ৫%ৰ তলত আছে ৷ নতুন চৰকাৰ নহালৈকে আমি কোনো সম্পৰীক্ষা কৰিব বিচৰা নাই ৷ আমি ল'ক ডাউনৰ কথা ভবাই নাই।'
Published by:Himangshu Bhuyan
First published: