বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / New SOP for Assam: কাইলৈৰ পৰা দিনৰ ১২ বজালৈকে খোলা থাকিব দোকান-পোহাৰ, আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত কি সিদ্ধান্ত ল'লে ৰাজ্য চৰকাৰে?

New SOP for Assam: কাইলৈৰ পৰা দিনৰ ১২ বজালৈকে খোলা থাকিব দোকান-পোহাৰ, আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত কি সিদ্ধান্ত ল'লে ৰাজ্য চৰকাৰে?

New SOP for Assam: কাইলৈৰ পৰা দিনৰ ১২ বজালৈকে খোলা থাকিব দোকান-পোহাৰ, আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত কি সিদ্ধান্ত ল'লে ৰাজ্য চৰকাৰে?

দোকান–পোহাৰ, চৰকাৰী–বেচৰকাৰী কার্যালয়, যান–বাহনৰ চলাচলকে ধৰি কেতবোৰ নতুন নিয়ম ৰাজ্যত কার্যকৰী হ’ব ৷

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

ৰাজ্যৰ কোভিড পৰিস্থিতি পর্যালোচনা কৰাৰ পিছত পূর্বে জাৰি কৰা কেতবোৰ নীতি–নির্দেশনাৰ কিছু সাল-সলনি কৰা হৈছে ৷ দোকান–পোহাৰ, চৰকাৰী–বেচৰকাৰী কার্যালয়, যান–বাহনৰ চলাচলকে ধৰি কেতবোৰ নতুন নিয়ম ৰাজ্যত কার্যকৰী হ’ব ৷

ৰাজ্যৰ মুখ্য সচিব স্বাক্ষৰিত নতুনকৈ প্রকাশ কৰা SOP অনুসৰি-

  • চহৰ আৰু গ্রামাঞ্চলসমূহত দিনৰ ১ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ হ’ব সান্ধ্য আইন ৷ অহা ৬ জুনৰ পৰা ১৬ জুনলৈ কার্যকৰী হ’বলগীয়া এই নতুন এছ অ’ পি অনুসৰি ৰাজ্যত দোকান–পোহাৰ আৰু ব্যৱসায়িক প্রতিষ্ঠানসমূহ ১২ বজালৈকে খুলিব পাৰিব ৷ সেইদৰে ৰেষ্টুৰেণ্ট আৰু ধাবাসমূহত দিনৰ ১২ বজালৈ গ্রাহকে বহি খোৱাৰ অনুমতি লাভ কৰিব ৷ ১২ বজাৰ পৰা ১ বজালৈ হোম ডেলিভাৰী অথবা টেক আৱে অর্ডাৰ গ্রহণ কৰিব পাৰিব ৷ দিনৰ ১ বজাৰ পিছতে ৰেষ্টুৰেণ্টসমূহে হোম ডেলিভাৰী কৰিব পাৰিব ৷ আনহাতে, হোটেল আৰু ৰিজৰ্টসমূহৰ ভিতৰত থকা ৰেষ্টুৰেণ্টসমূহে দিনৰ ১২ বজাৰ পিছত গ্রাহকসকলক ৰুম সেৱাৰ জৰিয়তে খাদ্য যোগান ধৰিব পাৰিব ৷ অৱশ্যে কল্ড ষ্টেৰেজ আৰু ৱেৰ হাউছসমূহ দিনৰ ১ বজাৰ পাছতো চলি থাকিব ৷
  • অহা ১৫ জুনলৈ বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী–বেচৰকাৰী কার্যালয় ৷ চৰকাৰী অথবা অর্ধ-চৰকাৰী কার্যালয়সমূহত উপ–সচিব অথবা তাতোকৈ অধিক মর্যাদাৰ বিষয়াসকল উপস্থিত থাকিব পাৰিব ৷
  • আনহাতে, পূর্বৰ দৰেই বন্ধ থাকিব আন্তঃজিলা পৰিবহণ ৷

উল্লেখ্য যে, ৰাজ্যত কোভিডৰ সংক্রমণে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পিছত  কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ৷ চহৰাঞ্চল আৰু ইয়াৰ সংলগ্ন ৫ কিলোমিটাৰ ব্যাসার্ধলৈকে দিনৰ ১১ বজালৈ দোকান–পোহাৰ খোলাৰ অনুমতি প্রদান কৰাৰ লগতে দিনৰ ১২ বজাৰ পৰা সান্ধ্য আইন বলৱৎ কৰা হৈছিল ৷ ইপিনে, গ্রামাঞ্চলসমূহত দিনৰ ১ বজালৈকে দোকান খোলাৰ অনুমতি প্রদান কৰাৰ লগতে দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলৱৎ কৰা হৈছিল ৷

বিজ্ঞাপন

কিন্তু শুকুৰবাৰে জাৰি কৰা নতুন এছ অ’ পি অনুসৰি গ্রামাঞ্চল আৰু চহৰ অঞ্চলসমূহত এতিয়াৰে পৰা সান্ধ্য আইন বলৱৎ আৰু দোকান–পোহাৰ খোলাৰ ক্ষেত্রত নাথাকিব পৃথক সময় ৷ অহা ৬ জুনৰ পৰা কার্যকৰী হ’বলগীয়া নতুন SOP অনুসৰি চহৰ আৰু গ্রামাঞ্চলসমূহত দিনৰ ১ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলৱৎ হ’ব।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন