ফেব্ৰুৱাৰী মাহৰ ৪,৫ আৰু ৬ তাৰিখে নাহৰকটীয়া ৰাঙলী-কলীয়াপানী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন। অধিৱেশনখনিৰ লগত সংগতি ৰাখি সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ আৰু সম্পাদক প্ৰধান বাবুল বৰাই আদৰণী সমিতিৰ অস্থায়ী কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে।
এই সংবাদমেলখনতে তেওঁ কয় যে, 'প্ৰায় ১২৫০ বিঘা মাটি সামৰি অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশন খনৰ ৭০ শতাংশ কাম ইতিমধ্যে শেষ হৈছে আৰু অধিৱেশনৰ পূঁজিৰ ৫০ শতাংশ ধন সংগ্ৰহ কৰা হৈছে।' ইফালে অধিৱেশনস্থলীৰ আশে পাশে নিৰ্মাণ হৈ থকা ২৬ কিঃমি পথ নিৰ্মাণৰ ৫০ শতাংশ কামো ইতিমধ্যে শেষ হোৱাৰ লগতে আদৰণি সমিতিসহ ডিব্ৰুগড়, মৰাণ, নাহৰকটীয়া, দুলীয়াজান, টিংখাং আদি অঞ্চলৰ ব্যক্তি বিশেষ, দল সংগঠনৰ তৰফৰ পৰা অধিৱেশনথলীলৈ অহা পথত প্ৰায় ২০০ খন তোৰণ নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিছে। অধিৱেশনৰ উপলক্ষে প্ৰকাশ পাবলগীয়া স্মৃতিগ্ৰন্থ খন চাৰিটা ভাষাত প্ৰকাশ হোৱাৰ উপৰিও অংকীয়া নাটকৰ সম্পৰ্কে এখন গৱেষণামূলক গ্ৰন্থ আৰু ডিব্ৰুগড় জিলাৰ ইতিহাস সামৰি এখন গ্ৰন্থ প্ৰকাশ পাব। গ্ৰন্থমেলাত থাকিবলগীয়া ৬৫০ খন ষ্টলৰ ভিতৰত ৪০০ খন গ্ৰন্থ বিপনী ইতিমধ্যে বুকিং হোৱাৰ লগতে ভাগৱত শোভাযাত্ৰাত প্ৰায় ২০০ টা দল অংশগ্ৰহণ কৰিব বুলি সদৰি কৰে।
অন্যহাতেদি যদিহে ৰাজ্যত কোভিড পৰিস্থিতি অৱনমিত হয় তেন্তে চৰকাৰে দিয়া কোভিড প্রট’কল মানি অধিৱেশন ভাগি অনুষ্ঠিত কৰা হ'ব বুলি এই সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশনখনিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, উপ-ৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষ, বিধানসভাৰ অধ্যক্ষ, বিবিচি লণ্ডন তথা অসমৰ সুযোগ্য সন্তান শচীন গগৈ, ভাৰতবৰ্ষৰ জনপ্ৰিয় লেখিকা অৰুন্ধুতী ৰয়, কলিকতাৰ সাংবাদিক প্ৰিয়া বেনাৰ্জী, ৰিতা চৌধুৰী,তৰালী শৰ্মা, ড০ নগেন শইকীয়া, অনুৰাধা শৰ্মা পূজাৰী আৰু অসম বিধানসভাৰ মন্ত্ৰী-বিধায়ক সকলৰ লগতে অসমৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|