ক'ভিড প্ৰটকল এতিয়া সাধাৰণ খাটি খোৱা মানুহৰ বাবেহে। ধন আৰু ৰাজনৈতিক ক্ষমতা থাকিলে এইখন অসমত যেন সকলো সম্ভৱ। দক্ষিণ কামৰূপৰ বিজয়নগৰত বিবাহ অনুষ্ঠানৰ নামত ক'ভিড প্ৰটকলক বুঢ়া আঙুলি দেখুৱাই আয়োজন কৰে বিবাহ। বিজয়নগৰৰ মাজমজিয়াৰ অনিল জৈন ওৰফে বাবলু নামৰ ব্যৱসায়ীগৰাকীয়ে ঘৰত পুতেকৰ বিবাহৰ বাবে আয়োজিত আগদিনাৰ অনুষ্ঠানত ভংগ হয় ক'ভিড প্ৰট'কল।
অৱশ্যে একাংশ লোকৰ অভিযোগৰ ভিত্তিত দুপৰ নিশা পলাশবাৰীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অনুষ্ঠান বাতিল কৰিবলৈ নিৰ্দেশ দি যায় যদিও আৰক্ষী গুচি যোৱাৰ পিছত পুনৰ গীত-নৃত্যত শ শ লোকৰ ভিৰ প্ৰত্যক্ষ কৰা হয়। জানিব পৰা মতে, উক্ত পৰিয়ালটোত কিছুদিন পূৰ্বে কেইবাগৰাকীও ব্যক্তিৰ দেহত ক'ভিড ধৰা পৰিছিল। বুধবাৰেও তেওঁলোকে বিবাহ অনুষ্ঠানৰ আয়োজন কৰা বুলি জানিব পৰা গৈছে। এতিয়া এনে ক'ভিড প্ৰট'কল ভংগক লৈ জৈনৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে?
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|