মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা ৰোগীক অব্যাহতি দিয়াক লৈ খেলিমেলি। সুস্থ হামিদ আলীৰ ঠাইত সক্ৰিয় কোৰোণা ৰোগী হানিফ আলী পালেগৈ ঘৰ।
চিকিৎসালয়ৰ ভুলবশত Covid 19 আক্ৰান্ত হৈ থকা ৰোগী পালে গৈ ঘৰ । যোৱা নিশা মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা ৰিলিজ কৰিছিল ১৪ গৰাকী কোভিডত আৰোগ্য লাভ কৰা ব্যক্তি। ১৪ গৰাকী আৰোগ্য লাভ কৰা ৰোগীৰ ভিতৰত আছিল হামিদ আলী নামৰ এগৰাকী লোক। কিন্তু হামিদ আলীৰ ঠাইত ঘৰ পালেগৈ হানিফ আলী। হানিফ আলীৰ ঘৰ দলগাঁও শিয়ালমাৰীত।
এই গাফিলতি আৰু বিভ্ৰাটৰ কথা নিজ মুখে স্বীকাৰ কৰিলে চিকিৎসালয়ৰ অধীক্ষক গোপীনাথ বৰাই। Positive ৰোগী জনক ৰিলিজ কৰি দিয়াৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । কাৰণ আনুষ্ঠানিক ভাৱে ৰিলিজ দিয়াৰ সময়ত চিকিৎসালয় খনত দৰং জিলাৰ উপায়ুক্ত দিলীপ বৰা, মঙলদৈ বিধায়ক গুৰুজ্যোতি দাসকে ধৰি বহু লোক উপস্থিত আছিল । লগতে ঘৰলৈ এম্বুলেন্স যোগে লৈ যোৱাৰ সময়ত আন ৫ গৰাকী আৰোগ্য লাভ কৰা ব্যক্তিক লৈ গৈছিল ।
একেখন গাড়ীতে কোৰোণা পজিটিভ ৰোগীজন যোৱাৰ আৰোগ্য লাভ কৰাকেইজনক পুনৰ ঘৰতে কোৱাৰানটাইন কৰা হৈছে । ইয়াৰোপৰি এৰাতি ঘৰত থকাৰ পিছত আজি পুনৰ হানিফ আলীক ঘূৰাই অনা হৈছে চিকিৎসালয়লৈ । লগতে হানিফ আলীৰ গৃহ অঞ্চলক কনটেইনমেণ্ট জন ঘোষণা কৰে। এতিয়া চিকিৎসালয়ে ৰিলিজ দিয়া ব্যক্তি জনক পুনৰ ঘুৰাই আনে ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|