মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Positive News : কোভিড আক্ৰান্ত মহিলাই জন্ম দিলে যমজ সন্তান। আতংকৰ মাজতো যেন আশাৰ ৰেঙণি হৈ আহিল ভাতৃ-ভগ্নী।

Positive News : কোভিড আক্ৰান্ত মহিলাই জন্ম দিলে যমজ সন্তান। আতংকৰ মাজতো যেন আশাৰ ৰেঙণি হৈ আহিল ভাতৃ-ভগ্নী।

News18 Assam | News18-Assam
Updated:May 22, 2021, 12:15 PM IST
Positive News : কোভিড আক্ৰান্ত মহিলাই জন্ম দিলে যমজ সন্তান। আতংকৰ মাজতো যেন আশাৰ ৰেঙণি হৈ আহিল ভাতৃ-ভগ্নী।
এটি কন্যা সন্তান আৰু এটি পুত্ৰ সন্তান জন্ম। মৰাণৰ এই দম্পতিৰ বিবাহৰ ১৪ বছৰে কোনো সন্তান নাছিল। AMCHত এপ্ৰিল মাহৰ পৰা বৰ্তমানলৈ ৩৪ গৰাকী কোভিডত পজিটিভ মহিলাৰ কোভিড নিগেটিভ সন্তান জন্ম হৈছে ।

এটি কন্যা সন্তান আৰু এটি পুত্ৰ সন্তান জন্ম। মৰাণৰ এই দম্পতিৰ বিবাহৰ ১৪ বছৰে কোনো সন্তান নাছিল। AMCHত এপ্ৰিল মাহৰ পৰা বৰ্তমানলৈ ৩৪ গৰাকী কোভিডত পজিটিভ মহিলাৰ কোভিড নিগেটিভ সন্তান জন্ম হৈছে ।

  • Share this:
মহামাৰী কোৰোণাৰ আতংকৰ মাজতে এটা মন জুৰ পেলোৱা ভাল খবৰ। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় (AMCH)ত কোৰোণাত আক্ৰান্ত এগৰাকী মহিলাই জন্ম দিলে যমজ সন্তান। বৰ্তমান দুয়োটি কন্যা সুস্থ অৱস্থাত থকাৰ লগতে কোভিড নিগেটিভ।

ডিব্ৰুগড়ৰ মৰাণৰ মহিলা তথা প্ৰসুতি গৰাকী কোভিড পজিটিভত আক্ৰান্ত আছিল।মহিলাগৰাকীক অসম চিকিৎসা মহাবিদ্যালয়ত ১৯ মে'ৰ মাজনিশা ভৰ্তি কৰা হৈছিল । ২০ মেত প্ৰসুতি আৰু স্ত্ৰী ৰোগ বিভাগৰ মুৰব্বী চিকিৎসক ডাঃ ৰমেশ সোণোৱালৰ নেতৃত্বত মহিলা গৰাকীৰ সুকলমে অস্ত্ৰোপচাৰ সম্পন্ন হয়!

কেইবাঘণ্টা ধৰি অস্ত্ৰোপচাৰ কৰাৰ পাছত এগৰাকী কন্যা সন্তান আৰু এটি পুত্ৰ সন্তান সুকলমে জন্ম হয় । চিকিৎসকে জনোৱা মতে পুত্ৰ সন্তানটিৰ ওজন ২ কেজি পাঁচশ গ্ৰাম আৰু কন্যা সন্তানটিৰ ওজন ২ কেজি এশ গ্ৰাম ।

মৰাণৰ এই দম্পতিৰ বিবাহৰ ১৪ বছৰে কোনো সন্তান নাছিল । অৱশেষত এখন ব্যক্তিগত ক্লিনিকত 'IVF' পদ্ধতিৰে চিকিৎসা কৰাই আছিল যদিও ৩৫ সপ্তাহৰ গৰ্ভৱতী মহিলা গৰাকী কভিডত আক্ৰান্ত হোৱাত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছিল । অৱশেষত ১৪ বছৰৰ সপোন সাকাৰ কৰি দম্পতীৰ জীৱনলৈ আহিল আনন্দৰ বন্যা ।

উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত কোভিডৰ দ্বিতীয়টো ঢৌৰ সময়ত এপ্ৰিল মাহৰ পৰা বৰ্তমানলৈ ৩৪ গৰাকী কোভিডত পজিটিভ মহিলাৰ সুকলমে তথা কোভিড নিগেটিভ  সন্তান জন্ম হৈছে ।
Published by: Manjumoni Borah
First published: May 22, 2021, 12:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি