বিহুগীত–নৃত্যৰে মুখৰিত নুমলীগড়ৰ কোভিড কেয়াৰ চেণ্টাৰ

News18 Assam | News18-Assam
Updated:August 4, 2020, 3:53 PM IST
বিহুগীত–নৃত্যৰে মুখৰিত নুমলীগড়ৰ কোভিড কেয়াৰ চেণ্টাৰ
বিহুগীত গাই, নাচি-বাগি সময় অতিবাহিত কৰিছে ৰোগীসকলে।

বিহুগীত গাই, নাচি-বাগি সময় অতিবাহিত কৰিছে ৰোগীসকলে।

  • Share this:
নুমলীগড়ৰ এটা কোভিড কেয়াৰ চেণ্টাৰত কোভিড ৰোগীৰ মাজত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰম দৃশ্য। বিহুগীত–নৃত্যৰে কেন্দ্ৰটো মুখৰিত কৰিছে কোভিড আক্ৰান্ত ৰোগীসকলে। ৰাজ্য চৰকাৰে নুমলীগড় তেল শোধনাগাৰৰ দ্বাৰা পৰিচালিত VKNRL SCHOOL OF NURSINGত ৬৫খন বিচনাযুক্ত এটা কোভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰিছে। চেণ্টাৰটোত বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয় আৰু ৰাজ্য চৰকাৰৰ সহযোগত গোলাঘাট জিলাৰ বিভিন্ন ঠাইৰ কোভিড ৰোগীসকলক চিকিৎসা প্ৰদান কৰি থকা হৈছে।

ইফালে সমান্তৰালকৈ চেণ্টাৰটোত ৰোগীসকলক উপযুক্ত চিকিৎসাৰ উপৰি মানসিকভাৱে ভাগি পৰা ৰোগীসকলক মনোবল বৃদ্ধি কৰিবলৈ আৰু ৰোগৰ সৈতে যুঁজ দিবলৈ বিভিন্ন ব্যৱস্থা লোৱা হৈছে। যাৰ বাবে এতিয়া ৰোগীসকলো চিন্তামুক্ত। বিহুগীত গাই, নাচি-বাগি সময় অতিবাহিত কৰিছে ৰোগীসকলে।
Published by: Sanjay Kumar Das
First published: August 4, 2020, 3:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি