ৰাজ্যত ২০২০ চনৰ ১২ মে'ৰ পাছত আজি প্ৰথমবাৰলৈ দৈনিক ক'ভিড আক্ৰান্তৰ সংখ্যা শূন্যলৈ নামে। যোৱা বছৰৰ ১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা দ্বিতীয় ঢৌ আৰু যোৱা ডিচেম্বৰৰ শেষ ভাগত দেখা দিয়া তৃতীয় ঢৌৰ সমগ্ৰ সময়ছোৱাত প্ৰথমবাৰলৈ অসমত নতুনকৈ এগৰাকীও লোক ক'ভিড (Covid 19) আক্ৰান্তৰূপে চিনাক্ত নোহোৱা দিন ৰূপে আজিৰ দিনটো পৰিগণিত হৈছে।
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Keshab Mahanta) ৰাজ্যখনে আজি এটা ক'ভিডমুক্ত দিন পাৰ কৰিবলৈ সক্ষম হোৱাৰ বাবে সমগ্ৰ ৰাজ্যবাসীৰ লগতে সকলো চিকিৎসক, স্বাস্থ্যকৰ্মী, আশাকৰ্মী, অংগনৱাড়ী কৰ্মী-সহায়িকাকে ধৰি ক'ভিডবিৰোধী যুঁজ তথা ক'ভিড প্ৰতিষেধক প্ৰদানত অংশগ্ৰহণকাৰী প্ৰতিগৰাকী ব্যক্তিলৈ অভিনন্দন জ্ঞাপন কৰিছে।
আজি ক'ভিড আক্ৰান্তৰ সংখ্যা শূন্য হোৱাটোক ক'ভিডবিৰোধী (Covid 19) যুঁজৰ এইসকল সেনানীৰ বিগত দুবছৰ যোৰা ঐকান্তিক প্ৰচেষ্টাৰ সুফল বুলিও মন্ত্ৰীগৰাকীয়ে অভিহিত কৰে। উল্লেখ্য যে ৰাজ্যত ২০২০ চনৰ মাৰ্চত ক'ভিডৰ প্ৰথমটো ঢৌ আৰম্ভ হোৱাৰ পাছত সেই বছৰৰ ৩১ মাৰ্চৰ পৰা ক'ভিড পৰীক্ষা আৰম্ভ কৰা হৈছিল। সেই প্ৰথমটো ঢৌৰ আৰম্ভণিকালতে ২০২০ চনৰ ১২ মে'ত শেষবাৰলৈ অসমত দৈনিক চিনাক্ত হোৱা ক'ভিড আক্ৰান্তৰ সংখ্যা শূন্য হৈছিল যদিও ইয়াৰ পাছত দ্বিতীয় আৰু তৃতীয় ঢৌ পৰ্যন্ত কেৱল আজিহে এই সংখ্যা শূন্যলৈ নমা পৰিলক্ষিত হ'ল।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|