নগাঁও জিলাৰ ৰহাত প্ৰথমজন কোভিড পজিটিভ ৰোগীৰ মৃত্যু

News18 Assam | News18-Assam
Updated:May 5, 2021, 7:42 PM IST
নগাঁও জিলাৰ ৰহাত প্ৰথমজন কোভিড পজিটিভ ৰোগীৰ মৃত্যু
কেইবাদিন ধৰি জ্বৰ, চৰ্দিত ভুগি আছিল ৰূপেমাই দেৱী নামৰ আশী ঊৰ্ধ্বৰ মহিলাগৰাকী।

কেইবাদিন ধৰি জ্বৰ, চৰ্দিত ভুগি আছিল ৰূপেমাই দেৱী নামৰ আশী ঊৰ্ধ্বৰ মহিলাগৰাকী।

  • Share this:
কোভিডৰ দ্বিতীয় লহৰে সমগ্ৰ ৰাজ্যজুৰি এতিয়া ভয়াৱহ পৰিস্থিতিৰ  সৃষ্টি কৰিছে। দিনে দিনে ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে কোভিড আক্ৰান্তৰ সংখ্যা। কোভিডৰ ভয়াৱহতা ক্ৰমান্বয়ে বৃদ্ধি হৈ অহাৰ সময়তে বুধবাৰে নগাঁও জিলাৰ ৰহাত প্ৰথমজন কোভিড পজিটিভ ৰোগীৰ  মৃত্যু হয়। বুধবাৰে কোভিড আক্ৰান্ত হৈ মৃত্যুমুখত পৰা মহিলাগৰাকী হৈছে ৰহাৰ দীঘলদৰি  কাকতি গাঁৱৰ ৰূপেমাই দেৱী(৮০)।

উল্লেখযোগ্য যে, কেইবাদিন ধৰি জ্বৰ, চৰ্দিত ভুগি আছিল ৰূপেমাই দেৱী নামৰ আশী ঊৰ্ধ্বৰ মহিলাগৰাকী। ইপিনে মহিলাগৰাকীৰ মৃত্যুৰ পিছতহে এণ্টিজেন টেষ্ট কৰাত কোভিড পজিটিভ বুলি ধৰা পৰে। ইফালে প্ৰথমগৰাকী কোভিড ৰোগীৰ মৃত্যুৰ বাতৰিয়ে এতিয়া সমগ্ৰ ৰহা অঞ্চলত আংতকৰ সৃষ্টি কৰিছে।
Published by: Sanjay Kumar Das
First published: May 5, 2021, 7:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি