পলাশবাৰীৰ নহিৰাত দিনে দিনে বৃদ্ধি পাইছে কোভিড আক্ৰান্ত লোকৰ সংখ্যা। অঞ্চলটোত কৰা কোভিড টেষ্টত প্ৰায়সংখ্যক লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। অঞ্চলটোত বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কোভিড টেষ্টৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। নহিৰা কোচপাৰা মজলীয়া বিদ্যালয়ত ৫০গৰাকী লোকক কৰা কোভিড টেষ্টত ১২ জনৰে দেহত ধৰা পৰিছে কোভিড। উল্লেখ্য, নহিৰা অঞ্চলটোত কোভিডত আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যুক আঁকোৱালি লৈছে অঞ্চলটোৰ ২গৰাকী মহিলাই।কোভিড সংক্ৰমণৰ বাবে বৰ্তমান বৃহত্তৰ নহিৰা অঞ্চলটোত এক আতংকৰ সৃষ্টি হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|