• Home
  • »
  • News
  • »
  • assam
  • »
  • অচিৰেই উজনি অসমলৈ চলাচল বন্ধ হৈ পৰিব পাৰে ট্ৰেভেলাৰ আৰু যাত্ৰীবাহী বাছৰ! কাৰণ কি জানেনে?

অচিৰেই উজনি অসমলৈ চলাচল বন্ধ হৈ পৰিব পাৰে ট্ৰেভেলাৰ আৰু যাত্ৰীবাহী বাছৰ! কাৰণ কি জানেনে?

শুকুৰবাৰে এই বিষয়টোক লৈ যোৰহাটৰ পৰিবহণ বিষয়াৰ সৈতে বাছ মালিকসকলৰ এক আলোচনা হয় যদিও কোনো সমাধান দিব নোৱাৰিলে যোৰহাটৰ পৰিবহণ বিভাগে।

শুকুৰবাৰে এই বিষয়টোক লৈ যোৰহাটৰ পৰিবহণ বিষয়াৰ সৈতে বাছ মালিকসকলৰ এক আলোচনা হয় যদিও কোনো সমাধান দিব নোৱাৰিলে যোৰহাটৰ পৰিবহণ বিভাগে।

শুকুৰবাৰে এই বিষয়টোক লৈ যোৰহাটৰ পৰিবহণ বিষয়াৰ সৈতে বাছ মালিকসকলৰ এক আলোচনা হয় যদিও কোনো সমাধান দিব নোৱাৰিলে যোৰহাটৰ পৰিবহণ বিভাগে।

  • Share this:
অসমত পুনৰ দেখিবলৈ পোৱা গৈছে কোভিড19ৰ পাৰ্শ্চক্ৰিয়া। কোভিড প্ৰট'কল মানি ৫০ শতাংশ যাত্ৰীৰে বাছ-ট্ৰেভেলাৰ চলাচল কৰা আৰু ভাড়া বৃদ্ধিক কেন্দ্ৰ কৰি পৰিবহণ বিভাগৰ সৈতে হোৱা মতানৈক্যৰ বাবেই যোৰহাটৰ পৰা উজনিলৈ বাছ আৰু ট্ৰেভেলাৰৰ চলাচল  শুকুৰবাৰে বন্ধ হৈ পৰে। ইয়াৰ ফলত সৰ্বাধিক ক্ষতিৰ সন্মুখীন হয় যাত্ৰীসকল।

শুকুৰবাৰে এই বিষয়টোক লৈ যোৰহাটৰ পৰিবহণ বিষয়াৰ সৈতে বাছ মালিকসকলৰ এক আলোচনা হয় যদিও কোনো সমাধান দিব নোৱাৰিলে যোৰহাটৰ পৰিবহণ বিভাগে। পৰিবহণ বিভাগৰ উৰ্ধ্বতম কৰ্তৃপক্ষই এই সন্দৰ্ভত শীঘ্ৰে সমাধান সূত্ৰ উলিয়াব নোৱাৰিলে উজনি অসমত অনিৰ্দিষ্ট কাললৈ বাছ-ট্ৰেভেলাৰৰ চলাচল বন্ধ হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

৫০ শতাংশ যাত্ৰীৰে যাত্ৰীবাহী গাড়ীৰ চলাচল কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছৰে পৰা উজনি অসমত সৃষ্টি হৈছে বিশৃংখল পৰিস্থিতিৰ। পূৰ্বৰ ভাড়াত গাড়ী চলাবলৈ অপাৰগ বাছৰ গৰাকীসকল। ফলত শুকুৰবাৰে যাতায়াত বন্ধ হৈ পৰে যোৰহাটৰ পৰা উজনি অসমলৈ চলাচল কৰা যাত্ৰীবাহী বাছ-ট্ৰেভেলাৰসমূহৰ।

কোভিড গাইডলাইন মানি ৫০ শতাংশ যাত্ৰীৰে গাড়ীসমূহ চলোৱা হৈছিল বাবে পূৰ্বতকৈ কিছু অধিক ভাড়া কিছু সংখ্যক যাত্ৰীৰ পৰা লৈছিল বাছ-ট্ৰেভেলাৰৰ পৰিচালকসকলে । কিন্তু এই সন্দৰ্ভত যাত্ৰীয়ে দিয়া অভিযোগৰ ভিত্তিত  বৃহস্পতিবাৰে পৰিবহণ বিভাগৰ বিষয়াই অভিযান চলাই কেইবাখনো যাত্ৰীবাহী গাড়ীক বৃহৎ পৰিমাণৰ জৰিমনা বিহে। এই ঘটনাৰ পিছতে যাত্ৰীবাহী বাছ-ট্ৰেভেলাৰসমূহ যোৰহাটৰ পৰা উজনি অসমলৈ নচলোৱাৰ সিদ্ধান্ত লয় যোৰহাট জিলা বাছ মালিক পৰিচালনা সমিতিয়ে।

অৱশেষত এই সন্দৰ্ভত শুকুৰবাৰে দুপৰীয়া যোৰহাটৰ জিলা পৰিবহণ বিষয়াৰ সৈতে বাছ আৰু ট্ৰেভেলাৰৰ মালিকসকলে এক আলোচনাত মিলিত হৈ এই জটিল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ এক সমাধান সূত্ৰ উলিওৱাৰ চেষ্টা কৰে। কিন্তু এই সন্দৰ্ভত চৰকাৰৰ নিৰ্দিষ্ট কোনো নিৰ্দেশনা নথকাত বিমূৰত পৰে যোৰহাটৰ জিলা পৰিবহণ বিভাগ।

অৱশেষত সমগ্ৰ বিষয়টো পৰিবহণ বিভাগৰ উৰ্ধ্বতম কৰ্তৃপক্ষলৈ ঠেলি দিয়া হয়। আগন্তুক দুই-তিনি দিনৰ ভিতৰত ৰাজ্যৰ পৰিবহণ বিভাগৰ পৰা এই সন্দৰ্ভত কোনো সুদুত্তৰ লাভ নকৰিলে অনিৰ্দিষ্ট কাললৈ যোৰহাটৰ পৰা উজনি অসমলৈ চলাচল কৰা বাছ আৰু ট্ৰেভেলাৰসমূহৰ চলাচল বন্ধ হৈ পৰিব বুলি জানিবলৈ দিছে পৰিবহণ সন্থাৰ বিষয়ববীয়াসকলে।
Published by:Himangshu Bhuyan
First published: