অসুস্থ মহিলাগৰাকীক দুই দুৰ্বৃত্তই বাগিচাৰ মাজলৈ নি বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে৷
অসুস্থ মহিলাগৰাকীক দুই দুৰ্বৃত্তই বাগিচাৰ মাজলৈ নি বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে৷
চৰাইদেউ জিলাৰ সোণাৰিত এগৰাকী মহিলা কোভিডমুক্ত হৈ চিকিৎসালয়ৰ পৰা নিজ গৃহলৈ গৈ থকা পথতে সন্ধিয়াৰ ভাগত দুজন লোকৰ কামনাৰ বলি হোৱা এক ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চাহ জনগোষ্ঠীয় এটা পৰিয়ালৰ স্বামী, স্ত্ৰী আৰু কন্যা যোৱা ১৭ মে'ত কোভিডত আক্ৰান্ত হৈ নিজ ঘৰতে হোম আইছ’লেচনত আছিল৷ ক্ৰমান্বয়ে তিনিওৰে স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত তিনিওকে সাপেখাতী স্থিত মডেল চিকিৎসালয়ত ভৰ্তি কৰে৷
প্ৰথমে স্বামীৰ পুনৰ কোভিড টেষ্টত নিগেটিভ হোৱাত তেওঁক চিকিৎসালয়ৰ পৰা নিজ গৃহলৈ পঠিয়াই দিয়া হয়৷ তাৰ পিছত বৃহস্পতিবাৰে পত্নীক আৰু কন্যাৰো কোভিড টেষ্ট কৰাত দুয়োৰে নিগেটিভ অহাত দুয়োকে চিকিৎসালয়ৰ পৰা ২.৩০ বজাত ৰিলিজ দিয়ে৷ কিন্ত ২ বজাৰ পৰা থকা সান্ধ্য আইনৰ বাবে যান–বাহন বন্ধ হৈ পৰাত চিকিৎসালয় কৰ্তৃপক্ষক মাতৃ–কন্যাই খোৱাৰ ব্যৱস্থা কৰি দিবৰ বাৱে বা নিশাটো চিকিৎসালয়ৰ বাৰাণ্ডাতেই পাৰ কৰাৰ অনুমতি বিচাৰি বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো কোনো গুৰুত্ব প্ৰদান নকৰাত দুয়োয়ে অৱশেষত উপায়ন্তৰ হৈ অসুস্থ দেহাৰেই খোজ কাঢ়িয়েই নিজ গৃহলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
সাপেখাতী আদৰ্শ চিকিৎসালয়ৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত থকা নিজ গৃহলৈ মাত্ৰ চাৰি কিলোমিটাৰ বাকী থকাৰ মুহূৰ্ততে ধোদৰআলিৰ জনশূন্য স্থানত মহিলাগৰাকীৰ লগতে যুৱতীগৰাকীক দুজন দুৰ্বৃত্তই আগচি ধৰি বাগিচাৰ মাজলৈ টানি নিবলৈ চেষ্টা চলাওঁতেই যুৱতীগৰাকীয়ে আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলাবলৈ সক্ষম হয়৷ অসুস্থ মহিলাগৰাকীক দুই দুৰ্বৃত্তই বাগিচাৰ মাজলৈ নি বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে৷
ততালিকে যুৱতীগৰাকীয়ে স্থানীয় একাংশ লোকক সমগ্ৰ ঘটনাৰ সম্পৰ্কত অৱগত কৰাত আৰক্ষীক খবৰ দিয়ে৷ বৰহাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই পলায়ন কৰে দুই দুৰ্বৃত্তই৷ আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুই দুৰ্বৃত্তই মহিলাগৰাকীক ধৰ্ষণ কৰাৰ লগতে মাৰপিট কৰাৰ ফলত মহিলাগৰাকীয়ে হেৰুৱাই পেলাইছে শ্ৰৱণ শক্তিও। সাপেখাতী মডেল চিকিৎসালয় কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ বাবেই যে এনে এক জঘন্য কাণ্ড সংঘটিত হ’বলৈ পালে বুলি অভিযোগ কৰিছে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে৷
ইফালে ভুক্তভোগী পৰিয়ালটোৰ কাষত বিয়লিৰ ভাগত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোৱঁৰ উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে দোষীক অতি শীঘ্ৰে কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্ৰদানৰ আশ্বাস দিয়ে পৰিয়ালটোক৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|