কোৰোণাই স্তব্ধ কৰিছে সকলো! এই সময়ত নেহৰু ষ্টেডিয়ামত হ’ব লাগিছিল বৰদলৈ ট্ৰফী, হৈছে কোৰোণা হাস্পতাল

নেহৰু ষ্টেডিয়াম আৰু দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অস্থায়ী কোভিড কেয়াৰ চেণ্টাৰ স্থাপনৰ কাম পূৰ্ণগতিত চলি আছে।
নেহৰু ষ্টেডিয়াম আৰু দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অস্থায়ী কোভিড কেয়াৰ চেণ্টাৰ স্থাপনৰ কাম পূৰ্ণগতিত চলি আছে।
- News18 Assam
- Last Updated: July 26, 2020, 7:43 PM IST
কোৰোণা সংক্ৰমণৰ সংখ্যা দিনে দিনে বৃদ্ধি পোৱাৰ বাবেই গুৱাহাটীৰ চৰকাৰী চিকিৎসালয় ক্ৰমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, মহেন্দ্ৰ মোহন চৌধুৰী, আয়ুৰ্বেদিক চিকিৎসালয়, যক্ষ্মা হাস্পতাল, সোণাপুৰ চিকিৎসালয়ৰ লগতে সৰুসজাই ষ্টেডিয়াম, খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ কোৰোনা কেয়াৰ চেণ্টাৰত এতিয়া নতুন কোভিড–১৯ ৰোগীৰ বাবে বিছনা খালী নাই।
যাৰ বাবে স্বাস্থ্য বিভাগে গুৱাহাটীৰ উলুবাৰীৰ নেহৰু ষ্টেডিয়াম, পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, আমিনগাঁৱৰ খেলপথাৰ আৰু পলাশবাৰীৰ এটা কেন্দ্ৰ নতুনকৈ কোভিড কেয়াৰ চেণ্টাৰ হিচাপে স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছিল। সেই অনুযায়ী আটাইকেইটা স্থানতে এতিয়া কোৰোণা কোভিড চেণ্টাৰ স্থাপনৰ কাম আৰম্ভ হৈছে।