১৬ জানুৱাৰীৰ পৰা ৰাজ্যত প্ৰদান কৰা হ’ব কোভিড–১৯ৰ ভেকচিন

News18 Assam | News18-Assam
Updated:January 13, 2021, 1:39 PM IST
১৬ জানুৱাৰীৰ পৰা ৰাজ্যত প্ৰদান কৰা হ’ব কোভিড–১৯ৰ ভেকচিন
বুধবাৰ আৰু বৃহস্পতিবাৰে দুটা দিনত নিৰ্দিষ্ট জিলাসমূহলৈ প্ৰেৰণ হ’ব কোভিড ভেকচিন৷

বুধবাৰ আৰু বৃহস্পতিবাৰে দুটা দিনত নিৰ্দিষ্ট জিলাসমূহলৈ প্ৰেৰণ হ’ব কোভিড ভেকচিন৷

  • Share this:
অধীৰ অপেক্ষাৰ অন্ত পেলাই অৱশেষত চূড়ান্ত হ’ল ৰাজ্যত ভেকচিন প্ৰদানৰ দিন৷ ১৬ জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ’ব ভেকচিন প্ৰদান প্ৰক্ৰিয়া৷ ভেকচিন প্ৰদানৰ বাবে ৰাজ্যত ৭৪টা স্থান নিৰ্ণয় কৰা হৈছে৷ ১ লাখ ৮৯ হাজাৰ পঞ্জীয়নকৃত লোকৰ ১ লাখক প্ৰথমে  প্ৰদান হ’ব ভেকচিন৷

মঙলবাৰে আবেলি গুৱাহাটী বিমানবন্দৰত আহি পোৱাৰ পিছত ভেকচিন পোনে পোনে লৈ অহা হৈছিল স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালকালয়ৰ শীতলীকৰণ গৃহলৈ ৷ য’ত ভেকচিনসমূহ বৰ্তমান মজুত কৰি ৰখা হৈছে৷ বুধবাৰ আৰু বৃহস্পতিবাৰে দুটা দিনত নিৰ্দিষ্ট জিলাসমূহলৈ প্ৰেৰণ হ’ব কোভিড ভেকচিন৷ এতিয়া কোভিড–১৯ৰ ভেকচিন প্ৰদানৰ বাবে সাজু হৈছে স্বাস্থ্য বিভাগ।
Published by: Sanjay Kumar Das
First published: January 13, 2021, 1:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading