দেওবাৰৰ দিনটোত যেন অসমৰ ৰাইজে কিছু পৰিমাণে হ'লেও দেখিছে আশাৰ বতৰা। কিয়নো উক্ত দিনটোত আক্ৰান্ত লোকৰ সংখ্যাক চেৰ পেলাইছে সুস্থ হোৱা লোকৰ সংখ্যাই।
বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ৩৬,১৩৫ জন লোকৰ ক'ভিড টেষ্ট সম্পন্ন কৰা হৈছিল। ইয়াৰে আক্ৰান্ত হয় ৩,২৯৯ জন। দিনটোত আক্ৰান্তৰ হাৰ হৈছে ৯.১৩ শতাংশ। আনহাতে দেওবাৰে মৃত্যু হৈছে ৪৮জন লোকৰ। ইয়াৰ বিপৰীতে ২৪ ঘণ্টাত সুস্থ হৈ ঘৰলৈ উভতিছে ৪,০৪৫জন। সম্প্ৰতি ৰাজ্যত এক্টিভ কেছৰ সংখ্যা হৈছে প্ৰায় ৩৬হাজাৰ।
দিনটোত সৰ্বাধিক ১,৩৪৬জন কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হয়। ডিব্ৰুগড়ত ২২৮জন, তিনিচুকীয়াত ১৪৮জন আৰু কামৰূপ জিলাত ১৩৭জন ক'ভিড পজিটিভ ধৰা পৰে। মৃত্যু হোৱা লোকৰ ক্ষেত্ৰতো মহানগৰীতে সৰ্বাধিক ১৭জন লোকৰ মৃত্যু হয়।
Published by: Kokil Sarma
FIRST PUBLISHED : May 10, 2021, 08:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|