গুৱাহাটী আহি পালে কোৰোণাৰ ভেকচিন, আকাশমাৰ্গৰে ২৩টা বাকচত ২.৬ লাখ ভেকচিন আহিল পুণেৰ পৰা গুৱাহাটীলৈ

News18 Assam | News18-Assam
Updated:January 12, 2021, 3:15 PM IST
গুৱাহাটী আহি পালে কোৰোণাৰ ভেকচিন, আকাশমাৰ্গৰে ২৩টা বাকচত ২.৬ লাখ ভেকচিন আহিল পুণেৰ পৰা গুৱাহাটীলৈ
ভেকচিন নিৰ্মাতাৰ পৰা যাৱতীয় ভেকচিন কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ক্ৰয় কৰিছে । এই সমূহ ভেকচিনেই ৩কোটি health worker আৰু Frontline workerক প্ৰদান কৰা হ’ব ।

ভেকচিন নিৰ্মাতাৰ পৰা যাৱতীয় ভেকচিন কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ক্ৰয় কৰিছে । এই সমূহ ভেকচিনেই ৩কোটি health worker আৰু Frontline workerক প্ৰদান কৰা হ’ব ।

  • Share this:
সমগ্ৰ দেশতে ১৬জানুৱাৰীৰ পৰা স্বাস্থ্য কৰ্মী আৰু Covid-19ৰে সমুখ সমৰত লিপ্ত হোৱা যোদ্ধা সকলক প্ৰতিষেধক প্ৰদান কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ প্ৰয়োজনীয় যাৱতীয় ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে । ভেকচিন নিৰ্মাতা পুণেৰ Serum Institute, Indiaৰ ভাণ্ডাৰৰ পৰা ১০খন Air India, GoAir, Spicejet আৰু Indigoৰ মালবাহী আৰু যাত্ৰীবাহী বিমানত আজিৰ দিনটোৰ বিভিন্ন সময়ত দেশৰ ১২খন চহৰলৈ প্ৰেৰণ কৰিছে ভেকচিন । গুৱাহাটীলৈ বুলি ৭৬৩ কিলোগ্ৰাম ওজনৰ ২৩টা বাকচলৈ পুণেৰ পৰা উৰা মাৰিছে Spicejetৰ SG7451 নম্বৰৰ Freighterখন । বিমানখন লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত সন্ধিয়া ৫ বজাত অৱতৰণ কৰাৰ কথা । ভেকচিন সমূহ গুৱাহাটীত গ্ৰহণ কৰিব স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ যুটীয়া সচিবে ।

স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ সূত্ৰই জনোৱা মতে অসমত খোলা হ’ব ১৭টা বাকচ য’ত আছে ২লক্ষ Covishield ভেকচিন । বাকী ৬টা বাকচ উত্তৰ পূৱৰ আন ৰাজ্যলৈ প্ৰেৰণ কৰা হ’ব । পুণেৰ পৰা ১২খন চহৰলৈ প্ৰেৰণ কৰা হৈছে সৰ্বমুঠ ৫৪.৫লক্ষ ভেকচিন । এই সকলোবোৰ প্ৰথম পৰ্যায়ৰ প্রতিষেধক প্ৰদানত ব্যৱহাৰ কৰা হ’ব । ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে সোমবাৰে এই ভেকচিন সমূহ সম্পূৰ্ণ বিনামূলীয়া হ’ব বুলি ঘোষণা কৰিছে । ভেকচিন নিৰ্মাতাৰ পৰা যাৱতীয় ভেকচিন কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ক্ৰয় কৰিছে । এই সমূহ ভেকচিনেই ৩কোটি health worker আৰু Frontline workerক প্ৰদান কৰা হ’ব ।
First published: January 12, 2021, 3:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading