কোভিড–১৯ মহামাৰীৰ বিৰুদ্ধে টিকাকৰণ প্রক্রিয়া দেশজুৰি চলি আছে ৷ বুধবাৰে কোভিড–১৯ ভেকচিনৰ ৬০ কোটি ড’জ অতিক্রম কৰিলে ভাৰতে ৷ কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মান্দাভিয়াই এই সন্দৰ্ভত সবকা স্বাস্থ্য, সব কী সুৰক্ষা মন্ত্রক টিকাকৰণত প্রাধান্য দিয়া হৈছে বুলি মন্তব্য কৰে ৷
চলিত বৰ্ষৰ যোৱা ১ এপ্রিলৰ পৰা আৰম্ভ হোৱা ক’ভিড–১৯ ভেকচিন প্রথম ৮৫ দিনত ১০ কোটি প্রদান কৰা হৈছে ৷ দ্বিতীয় ১০ কোটি, ৪৫ দিনত, তৃতীয় ১০ কোটি ২৯ দিনত, চতুর্থ ১০ কোটি ২৪ দিনত, পঞ্চম ১০ কোটি ২০ দিনত আৰু শেহতীয়াকৈ ১০ কোটি ড’জ ১৯ দিনত প্রদান কৰা হৈছে ৷ এইলৈ মুঠ ৬০ কোটি ক’ভিড ভেকচিনৰ ড’জ প্রদান কৰা হৈছে ৷ কেন্দ্রীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে সকলো ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ সৈতে এক উচ্চস্তৰীয় বৈঠকত মিলিত হয় ৷ কেন্দ্রীয় ফার্মা সচিব এছ অপর্ণাৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহত টিকাকৰণ সন্দর্ভত বিতং আলোচনা কৰা হয় ৷