যোৰহাটত কোৰোণাই লৈছে কাল ৰূপ! এসপ্তাহতে কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে ১১গৰাকী লোকে

News18 Assam | News18-Assam
Updated:May 1, 2021, 8:14 AM IST
যোৰহাটত কোৰোণাই লৈছে কাল ৰূপ! এসপ্তাহতে কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে ১১গৰাকী লোকে
একাংশ লোকৰ অসচেতনতাৰ বাবে জিলাখনত দৈনিক বৃদ্ধি পাবলৈ ধৰিছে কোভিদ ৰোগীৰ সংখ্যা।

একাংশ লোকৰ অসচেতনতাৰ বাবে জিলাখনত দৈনিক বৃদ্ধি পাবলৈ ধৰিছে কোভিদ ৰোগীৰ সংখ্যা।

  • Share this:
কোভিদ-19 সংক্ৰমণে লাহে লাহে ভয়ংকৰ ৰূপ লৈছে যোৰহাটত। বিগত এসপ্তাহত যোৰহাটত কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ১১ জনকৈ লোকৰ। একাংশ লোকৰ অসচেতনতাৰ বাবে জিলাখনত দৈনিক বৃদ্ধি পাবলৈ ধৰিছে কোভিদ ৰোগীৰ সংখ্যা।

তথ্য অনুসৰি শুকুৰবাৰে যোৰহাটত কোভিদ-19ত আক্ৰান্ত হৈ মৃত্যু হৈছে চাৰিগৰাকী ব্যক্তিৰ। এসপ্তাহৰ ভিতৰতে যোৰহাটত কোভিদত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ১১গৰাকী। শুকুৰবাৰে মৃত্যু হোৱা লোককেইজন হ'ল কে বি ৰোডৰ সিভু দাস (৬৫ ), জেইল ৰোডৰ নিতু বৰফুকন (৪৭) , কাকজান বালিচাপৰিৰ পৰমা দত্ত(৫০), আৰু যোৰহাট এয়াৰফৰ্চ হাস্পতালত ৰিতা হামেল(৫২) নামৰ এগৰাকী মহিলাই মৃত্যুক সাৱটিছে।

যোৰহাটত 24 এপ্ৰিলত কোভিদত মৃত্যু হৈছিল ৩ গৰাকী লোকৰ। ২৭ এপ্ৰিলতো মৃত্যু হৈছিল ৩ গৰাকী লোকৰ। ২৯ এপ্ৰিলত মৃত্যু হৈছিল এজন লোকৰ আৰু ৩০ এপ্ৰিলত মৃত্যুৰ খবৰ আহে ৪ গৰাকী লোকৰ। যোৰহাটত বৰ্তমান মুঠ কোভিদ আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ৫৫১ জন।

আনহাতে 30 এপ্ৰিল পৰ্যন্ত যোৰহাটত মুঠ ৯৫,১৪১ গৰাকী লোকে কোৰোণাৰ ভেকচিন লৈছে।  ইয়াৰে প্ৰথম পালি ভেকচিন লোৱা লোকৰ সংখ্যা হ'ল ৭৪,০৩৮ গৰাকী আৰু দ্বিতীয় পালি ভেকচিন লোৱা লোকৰ সংখ্যা হ'ল ২১,১০৩ গৰাকী ।

মে' মাহত সমগ্ৰ দেশৰ লগতে অসমতো সংক্ৰমণৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে। গতিকে কোভিদ19ৰ সঙক্ৰমণে অসমত অনিয়ন্ত্ৰিত ৰূপ লোৱাৰ পূৰ্বেই জনসাধাৰণ অধিক সজাগ-সচেতন হোৱাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে।
Published by: Himangshu Bhuyan
First published: May 1, 2021, 8:14 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি