অসমত কোৰোণা সংক্ৰমণৰ ভয়াৱহতা! আক্ৰান্তৰ তালিকাত ৩০ গৰাকী বিধায়ক আৰু ৪ গৰাকী সাংসদ

News18 Assam | News18-Assam
Updated:September 15, 2020, 4:19 PM IST
অসমত কোৰোণা সংক্ৰমণৰ ভয়াৱহতা! আক্ৰান্তৰ তালিকাত ৩০ গৰাকী বিধায়ক আৰু ৪ গৰাকী সাংসদ
চৰকাৰী তথ্য মতে অনুযায়ী অসমত এইপৰ্যন্ত ১লাখ ৪৪হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে কোৰোণাত।

চৰকাৰী তথ্য মতে অনুযায়ী অসমত এইপৰ্যন্ত ১লাখ ৪৪হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে কোৰোণাত।

  • News18 Assam
  • Last Updated: September 15, 2020, 4:19 PM IST
  • Share this:
অসমত সাংঘাতিক হাৰত বৃদ্ধি হৈছে কভিড১৯ ৰ পজিটিভৰ সংখ্যা। দেশৰ চৌদিশে ক’ভিড ১৯ ৰ ছেকেণ্ড ৱেভৰ আতংক। চৰকাৰী তথ্য মতে অনুযায়ী অসমত এইপৰ্যন্ত ১লাখ ৪৪হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে কোৰোণাত।

ইয়াৰ মাজত আছে অসম বিধান সভাৰ ৩০ গৰাকী বিধায়ক। সাৰি যোৱা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰা আৰম্ভ কৰি পাৰ্বত্য উন্নয়ন তথা খনি বিভাগৰ কেবিনেট মন্ত্ৰী ছুম’ ৰংহাং আৰু অসম বিধান সভাৰ উপাধাক্ষ আমিনুল হক লস্কৰো। শাসকীয় বিজেপিৰেই সৰ্বাধিক ১৪ গৰাকী বিধায়ক আক্ৰান্ত হৈছে।

প্ৰথমেই আক্ৰান্ত হৈছিল পাথাৰকান্দি সমষ্টিৰ কৃষ্ণেন্দু পাল তাৰ পিছত ক্ৰমে বৰক্ষেত্ৰী সমষ্টিৰ নাৰায়ন ডেকা, সোনাই সমষ্টিৰ আমিনুল হক লস্কৰ, শদিয়া সমষ্টিৰ বলিন চেতীয়া, সোনাৰী সমষ্টিৰ নৱনীতা সন্দিকৈ, দিশপুৰ সমষ্টিৰ অতুল বৰা, হাফলং সমষ্টিৰ বীৰভদ্ৰ হাগজেৰ, ডিফু সমষ্টিৰ ছুম ৰংহা, লাহোৱাল সমষ্টিৰ ঋতুপৰ্ণ বৰুৱা, উদাৰবন্দ সমষ্টিৰ মিহিৰ কান্তি সৌম, ৰাতাবাৰী সমষ্টিৰ বিজয় মালাকাৰ, ছিপাঝাৰ সমষ্টিৰ বিনন্দ শইকীয়া আৰু নলবাৰী সমষ্টিৰ অশোক শৰ্মা কৰোনাত আক্ৰান্ত হয়।

ক’ভিড আক্ৰান্ত বিজেপি বিধায়ক সকলৰ ভিতৰত হাফলং সমষ্টিৰ বিধায়ক বীৰ ভদ্ৰ হাগজেৰৰ স্বাস্থ্যৰ অৱস্থা এতিয়াও উন্নত হোৱা নাই। এই কথা সংবাদ মাধ্যমক জনাইছে স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই। মিত্ৰ দল অগপৰ ৬ গৰাকী বিধায়ক আক্ৰান্ত হৈছে। আক্ৰান্ত হোৱা বিধায়ক সকল হল ক্ৰমে তেজপুৰ সমষ্টিৰ বৃন্দাবন গোস্বামী, পশ্চিম গুৱাহাটী সমষ্টিৰ ৰমেন্দ্ৰ নাৰায়ন কলিতা, নাহৰকটীয়া সমষ্টিৰ নৰেন সোনোৱাল, দেৰগাঁও সমষ্টিৰ ভবেন্দ্ৰ নাথ ভৰালী, বৰপেটা সমষ্টিৰ গুনিন দাস আৰু কমলপুৰ সমষ্টিৰ সত্যব্ৰত কলিতা।

আনটো শাাসকীয় মিত্ৰ দল বিপিএফৰ তিনিগৰাকী বিধায়ক ক্ৰমে বিজনী সমষ্টিৰ কমলছিং নাৰ্জাৰী, বৰমা সমষ্টিৰ মনেশ্বৰ ব্ৰহ্ম আৰু কলাইগাও সমষ্টিৰ মহেশ্বৰ বড়োৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ। বিৰোধী দল AIUDF ৰ তিনিগৰাকী বিধায়ক ক্ৰমে আলগাপুৰ সমষ্টিৰ নিজামুদ্দিন চৌধুৰী, হাইলাকান্দি সমষ্টিৰ আনোৱাৰ হুছেইন লস্কৰ আৰু ধুবুৰী সমষ্টিৰ নজৰুল হক আক্ৰান্ত হৈছিল ক’ভিড ১৯ ত।

কোৰোণাত আক্ৰান্তৰ ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ চাৰিগৰাকী বিধায়কৰ ভিতৰত আছে তিতাবৰ সমষ্টিৰ তৰুণ গগৈ, চামগুৰি সমষ্টিৰ ৰকিবুল হুছেইন, লাহৰিঘাট সমষ্টিৰ ডা: নজৰুল ইছলাম আৰু গোলাঘাট সমষ্টিৰ অজন্তা নেওগ। সেয়ে নহয় অসমৰ চাৰিগৰাকী সাংসদ ক্ৰমে মঙলদৈ লোক সভা সমষ্টিৰ দিলীপ শইকীয়া, যোৰহাট সমষ্টিৰ সাংসদ তপন গগৈ, ধুবুৰী সমষ্টিৰ বদৰুদ্দিন আজমল আৰু ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাও সাৰি যোৱা নাছিল ক'ৰোনা ভাইৰাছৰ পৰা।
First published: September 15, 2020, 4:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading