ধুবুৰীত কোৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা দহ জনলৈ বৃদ্ধি

News18 Assam | News18-Assam
Updated:May 23, 2020, 11:45 PM IST
ধুবুৰীত কোৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা দহ জনলৈ বৃদ্ধি
১৩ মে’ত বিহাৰৰ পৰা অহাৰ পিছত অসম-পশ্চিম বংগ সীমান্তৰ ছাগলীয়া কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছিল মিনতি ৰায়ক।

১৩ মে’ত বিহাৰৰ পৰা অহাৰ পিছত অসম-পশ্চিম বংগ সীমান্তৰ ছাগলীয়া কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছিল মিনতি ৰায়ক।

  • Share this:
পুনৰ বহিঃৰাজ্যৰ পৰা অহা ধুবুৰীৰ এজনৰ দেহত কোৰোণা পজিটিভ। এইবাৰ জিলাখনৰ গোলকগঞ্জ বিধানসভাৰ কৈমাৰী গাঁৱৰ মিনতি ৰায় নামৰ বোৱাৰী এগৰাকীৰ দেহত ওলাল কোভিড–১৯। ইয়াৰ লগে লগে ধুুবুৰী জিলাত কোৰোণা আক্ৰান্তৰ সংখ্যা দহ জনলৈ
বৃদ্ধি পালে যদিও ইয়াৰে পাঁচজন ইতিমধ্যে সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি আহিছে।

বিহাৰৰ ঠাকুৰগঞ্জত ইটা ভাটাত শ্ৰমিক হিচাবে কাম কৰি আছিল মহিলাগৰাকীয়ে। যোৱা ১৩ মে’ত বিহাৰৰ পৰা অহাৰ পিছত অসম-পশ্চিম বংগ সীমান্তৰ ছাগলীয়া কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছিল মিনতি ৰায়ক। ১৭  মে’ত কোৰোণাৰ পৰীক্ষাৰ নমুনা সংগ্ৰহ কৰা হৈছিল ছাগলীয়াতে।

ইয়াৰ পিছত ১৮ মে’ত মহিলাগৰাকীক হোম কোৱাৰেণ্টাইনত থাকিবলৈ ঘৰলৈ যাবলৈ দিয়া হৈছিল। আজি মহিলাগৰাকীৰ COVID-19 পজিটিভ ধৰা পৰাৰ পিছত চিকিৎসকৰ দলে তেওঁৰ ঘৰত উপস্থিত হৈ এম্বুলেঞ্চযোগে চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

আনহাতে, ঘটনাস্থলীত আৰক্ষী আৰু প্ৰসাশনৰ লোক উপস্থিত হৈ মহিলাগৰাকীৰ পৰিয়ালৰ আন সদস্যসকলক হোম কোৱাৰেণ্টাইন থকাৰ নিৰ্দেশ দিয়াৰ লগতে কৈমাৰী আঞ্চলটোক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading