নগাঁৱত ট্ৰেভেল হিষ্টৰী নথকা যুৱকৰ দেহত কোৰোণাৰ উপস্থিতি

News18 Assam | News18-Assam
Updated:June 8, 2020, 8:14 PM IST
নগাঁৱত ট্ৰেভেল হিষ্টৰী নথকা যুৱকৰ দেহত কোৰোণাৰ উপস্থিতি
আমোলাপট্টিৰ ৰেড ক্ৰছ চাৰিআলিৰ এগৰাকী চিকিৎসকৰ পুত্ৰ বিভূতি ভট্টাচাৰ্য বিশেষভাৱে সক্ষম হোৱাৰ বাবে হোম কোৱাৰেণ্টাইনত আছিল।

আমোলাপট্টিৰ ৰেড ক্ৰছ চাৰিআলিৰ এগৰাকী চিকিৎসকৰ পুত্ৰ বিভূতি ভট্টাচাৰ্য বিশেষভাৱে সক্ষম হোৱাৰ বাবে হোম কোৱাৰেণ্টাইনত আছিল।

  • Share this:
ক্ৰমাৎ দ্ৰুতগতিত নগাঁৱত বৃদ্ধি পাইছে কোৰোণা ৰোগীৰ সংখ্যা। বিশেষকৈ গুৱাহাটীৰ পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত নগাঁৱৰ আমোলাপট্টিৰ বিভূতি ভট্টাচাৰ্যৰ দেহত দেওবাৰে নিশা কোভিড–১৯ৰ সংক্ৰমণ ধৰা পৰাৰ পিছতে চহৰখনৰ আমোলাপট্টি অঞ্চলৰ ৰাইজৰ মাজত পুনৰ কোৰোণাতংকই বিৰাজ কৰিছে।

উল্লেখযোগ্য যে আমোলাপট্টিৰ ৰেড ক্ৰছ চাৰিআলিৰ এগৰাকী চিকিৎসকৰ পুত্ৰ বিভূতি ভট্টাচাৰ্য বিশেষভাৱে সক্ষম হোৱাৰ বাবে হোম কোৱাৰেণ্টাইনত আছিল। কিন্তু চিন্তাৰ বিষয়টো হ'ল স্বাস্থ্য বিভাগে বৰ্তমানেও বিচাৰি পোৱা নাই বিভূতিৰ ট্ৰেভেল হিষ্ট'ৰী।

গুৱাহাটীৰ পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত বিভূতিয়ে আজিৰ পৰা তিনিদিন পূৰ্বে জ্বৰ-কাহত আক্ৰান্ত হৈছিল। নমুনা সংগ্ৰহৰ পিছত চিকিৎসকে তেঁওক হোম কোৱাৰেণ্টাইনত থকাৰ পৰামৰ্শ দিছিল। তাৰ পিছতে দেওবাৰে নিশা স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন অহাৰ লগে লগে আমোলাপট্টিৰ বাসগৃহ স্বাস্থ্য বিভাগে সম্পূৰ্ণ ৰূপে ছীল কৰি দিয়ে।

ইপিনে মুম্বাইৰ পৰা আহি নগাঁৱৰ এখন হোটেলত ৭ দিনৰ কোৱাৰেণ্টাইনৰ সময়সীমা সম্পূৰ্ণ কৰি নগাঁৱৰ হয়বৰগাঁৱৰ নিজ বাসগৃহলৈ ঘূৰি যোৱা পীয়ুষ আগৰৱালাৰ দেহতো আজি ধৰা পৰে কোভিড–১৯ৰ সংক্ৰমণ। ইপিনে নগাঁৱত এটি ডেৰ বছৰীয়াা শিশুসহ মুঠ ৩০জনৰ দেহত আজি পোৱা গ'ল কোৰোণা ভাইৰাছৰ উপস্থিতি। বিগত দিনকেইটাৰ ভিতৰত সোমবাৰৰ দিনটোত সৰ্বাধিক কোৰোণা আক্ৰান্ত ৰোগী ধৰা পৰিল নগাঁও জিলাত।

সোমবাৰে চিনাক্ত হোৱা আন ৰোগীসকল হৈছে ৰছিদুল ইছলাম(২১), ইৰাজুল ৰহমান(২১), ইনছান আলী(২৫), ইৰাহৰুল ইছলাম(১৪), মেহাদুল হাছান(২০), ৰমজান আলী(১০), নীল সৰকাৰ(১), হাফিজুল ইছলাম(২৬), কাশ্যপী কলিতা(২৬), আজাহাৰুল ইছলাম(২২), বাহাৰুল ইছলাম(২২), আবুল কাছেম(৩০), মোজাম্মিল হুছেইন(২৯), জাহাঙ্গীৰ আলম(১২), মোস্তাফা ইছলাম(২৫), মোফাজিল ইছলাম(২০), জাহাঙ্গীৰ আলম(২৪), ৰাজিবুল ইছলাম(১৩), লক্ষ্যজ্যোতি দাস(২০), প্ৰফুল্ল দাস(৫০), জ্যোতি দাস(২৮) আৰু বিজয় নাথ (২৪)। আজি চিনাক্ত হোৱা ৰোগীসকলক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় আৰু উজৰাগাঁও আদৰ্শ হস্পিতালত ভৰ্তি কৰা হৈছে।
First published: June 8, 2020, 8:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading