যোৱা ১৪ এপ্ৰিলত লতাশিল বিহু অনুষ্ঠানত ভাগ ল'বলৈ গৈ অসুস্থ হৈ পৰিছিল বিহুগীতৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী।
যোৱা ১৪ এপ্ৰিলত লতাশিল বিহু অনুষ্ঠানত ভাগ ল'বলৈ গৈ অসুস্থ হৈ পৰিছিল বিহুগীতৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী।
জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাস গুৰুতৰ ভাবে অসুস্থ। অতি সংকটজনক অৱস্থাত কণ্ঠশিল্পীগৰাকী বৰ্তমান মেকানিকেল ভেণ্টিলেশ্যনত চিকিৎসাধীন হৈ আছে। যোৱা ১৪ এপ্ৰিলত লতাশিল বিহু অনুষ্ঠানত ভাগ ল'বলৈ গৈ অসুস্থ হৈ পৰিছিল বিহুগীতৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী।
ইফালে ভিতালী দাসৰ জ্যেষ্ঠ ভাতৃ পৰাগ দাস ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। ভিতালী দাসৰ মাতৃ গৃহৰ সকলো লোক বৰ্তমান অসুস্থ। বৰ্তমান কালাপাহাৰৰ কোভিড চিকিৎসালয়ত বিশেষজ্ঞৰ দলে চিকিৎসা প্ৰদান কৰি আছে ভিতালী দাসক। ভেণ্টিলেটৰ সহায়ত শ্বাস-প্ৰশ্বাস প্ৰদান কৰি থকা হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|