নুমলীগড়ৰ মৰঙী ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁওসমূহত কোৰোণাৰ ব্যাপক গণসংক্ৰমণ। দৈনিক আক্ৰান্ত হৈছে বহু লোক। এনে পৰিস্থিতিত গাঁওখন কনটেইনমেণ্ট জ'ন ৰূপে ঘোষণা কৰিছে জিলা প্ৰশাসনে। শেহতীয়াকৈ গোলাঘাট জিলাত ব্যাপক হাৰত বৃদ্ধি পাইছে কোৰোণাৰ সংক্ৰমণৰ সংখ্যা। সমান্তৰালভাৱে নুমলীগড়ৰ মৰঙী ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁওসমূহত ব্যাপক হাৰত বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্তৰ সংখ্যা।
জিলা প্ৰশাসনে মৰঙী ৰাজহ চক্ৰৰ অন্তৰ্গত মূৰফুলনি বাগান গাঁৱৰ ৰৌ-মৰা নামৰ এটা অঞ্চলত কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰে। আৰু আজি মৰঙী ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত এটা প্ৰশাসনৰ দল উপস্থিত হৈ সম্পূৰ্ণ ৰূপে অঞ্চলটো ছীল কৰি দিয়াৰ লগতে অকৰ্তৃত্বশীলভাৱে কোনো লোকে যাতে আহ-যাহ কৰিব নোৱাৰে তাৰ বাবে অঞ্চলটোৰ পথসমূহত বাঁহ বান্ধি ছীল কৰি দিয়ে। লগতে সমগ্ৰ অঞ্চলটোৰ লোকসকলক সজাগ আৰু সচেতন হ'বলৈ মাইকযোগে ঘোষণা কৰি সাৱধান কৰি দিয়ে।
ইফালে ৰাজহ চক্ৰটোৰ অধীনৰ ফলঙনি অঞ্চলৰ ৩নং অঞ্চলটোতো ব্যাপক ৰূপে বৃদ্ধি পাইছে কোৰোণাত আক্রান্তৰ সংখ্যা। আনহাতে গোলাঘাট জিলাত ভয়াৱহভাৱে দৈনিক শতাধিক লোকৰ দেহত ধৰা পৰিছে কোৰোণাৰ অৱস্থিতি, যাৰ বাবে যিকোনো মুহূৰ্তত প্ৰশাসনে সমগ্ৰ জিলাখনত কোৰোণাৰ সংক্ৰমণ ৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|