চাহ বাগিচাৰ ভিতৰত কোভিড–১৯ৰ সংক্ৰমণ, কেনে ৰূপ লৈছে এই সংক্ৰমণে?

বৰ্তমান চাহ বাগিচাসমূহত এই সংক্ৰমণ ৰোধ কৰিবলৈ স্বাস্থ্য বিভাগে ব্যৱস্থা হাতত লৈছে যদিও এইক্ষেত্ৰত বহুখিনি নিৰ্ভৰ কৰিছে বাগিচা কৰ্তৃপক্ষৰ ওপৰত।
বৰ্তমান চাহ বাগিচাসমূহত এই সংক্ৰমণ ৰোধ কৰিবলৈ স্বাস্থ্য বিভাগে ব্যৱস্থা হাতত লৈছে যদিও এইক্ষেত্ৰত বহুখিনি নিৰ্ভৰ কৰিছে বাগিচা কৰ্তৃপক্ষৰ ওপৰত।
- News18 Assam
- Last Updated: August 13, 2020, 12:22 PM IST
বিশেষকৈ বাগিচাৰ শ্ৰমিকসকলে সামাজিক দুৰত্ব পালন কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ সাৱধানতা অৱলম্বন কৰা পৰিলক্ষিত হোৱা নাই বহু চাহ বাগিচাত। একাংশ বাগিচাত শ্ৰমিক সকলক মাস্ক বাগিচা কৰ্তৃপক্ষই যোগান ধৰাৰ বিপৰীতে বহুসংখ্যক বাগিচাত কৰ্তৃপক্ষই শ্ৰমিকক যোগান ধৰিব পৰা নাই পৰ্যাপ্ত মাস্ক। আনহাতে অধিক সংখ্যক শ্ৰমিকে ডিচপ'জেৱল একোখন মাস্ককে দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি আহিছে।
বহুসংখ্যক বাগিচাত শ্ৰমিকক চাবোনেৰে হাত ধোৱাৰ উপযুক্ত ব্যৱস্থা কৰি দিয়া পৰিলক্ষিত নহ'ল News18ৰ চৰজমিন অনুসন্ধানত। উজনি অসমৰ অন্যতম চাহ বাগিচা অধ্যুষিত জিলা যোৰহাটত বহু সংখ্যক বাগিচাত কমসংখ্যক হ’লেও কোভিডৰ সংক্ৰমণ পোৱা গৈছে। মৰিয়নীৰ চেলেং চাহ বাগিচাত পৰিচালক, শ্ৰমিক সহ পাঁচগৰাকী লোকৰ শৰীৰত কোৰোণাৰ সংক্ৰমণ লাভ কৰাৰ পিছতো বাগিচা কৰ্তৃপক্ষই সাৱধানতা অৱলম্বন নকৰাৰ অভিযোগ উঠিছে। যোৰহাটৰ ডফলাটিং চাহ বাগিচাত অৰ্ধশতাধিক লোক আৰু মুৰমুৰিয়া চাহ বাগিচাত দহ জনতকৈ অধিক লোক কোভিড–১৯ত আক্ৰান্ত হৈছে।
আনহাতে, অসমৰ কেইখনমান চাহ বাগিচাত কোভিড–১৯ৰ সংক্ৰমণ পোৱা গৈছে যদিও পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন আৰু ই এতিয়াও বাগিচা অঞ্চলত মহামাৰীৰ ৰূপ লোৱা নাই বুলি জানিবলৈ দিছে ভাৰতীয় চাহ ব’ৰ্ডৰ অধ্যক্ষগৰাকীয়ে।
"কেইখনমান বাগিচাৰ কিছু সংখ্যক লোকৰ শৰীৰত সংক্ৰমণ পোৱা গৈছে। চৰকাৰী প্ৰট’কল অনুসৰি এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। স্থানীয় প্ৰশাসন তথা স্বাস্থ্য বিভাগে এইক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে। আনহাতে, চাহ বাগিচাৰ অধিকাংশ শ্ৰমিকেই স্বাস্থ্যক লৈ সচেতন নহ’লেও তেওঁলোকৰ কিন্তু ৰোগ প্ৰতিৰোধ ক্ষমতাটো দূৰ্বল বুলি মই নাভাবো ", ভাৰতীয় চাহ ব’ৰ্ডৰ অধ্যক্ষ প্ৰভাত কমল বেজবৰুৱাই এনেদৰে কয়।
যিহেতু চাহ বাগিচাৰ শ্ৰমিকসকল নিজৰ স্বাস্থ্যক লৈ বিশেষ সচেতন নহয় তথা তেওঁলোকৰ বহুতৰে স্বাস্থ্যও দুৰ্বল। গতিকে চাহ বাগিচাসমূহত বৃদ্ধি পোৱা কোভিড–১৯ৰ সংক্ৰমণক গুৰুত্ব সহকাৰে লৈছে স্বাস্থ্য বিভাগে। এইক্ষেত্ৰত যোৰহাট জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। চাহ বাগিচাসমূহত প্ৰতিদিনে বৃহৎ হাৰত কোভিড–১৯ টেষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। যাতে একেলগে সংক্ৰমিত লোকসকল ধৰা পৰে আৰু তেওঁলোকক আছুতীয়াকৈ ৰাখিব পৰা যায়। আনহাতে বাগিচাসমূহত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবেও বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে যোৰহাট জিলা প্ৰশাসনে।
বৰ্তমান চাহ বাগিচাসমূহত এই সংক্ৰমণ ৰোধ কৰিবলৈ স্বাস্থ্য বিভাগে ব্যৱস্থা হাতত লৈছে যদিও এইক্ষেত্ৰত বহুখিনি নিৰ্ভৰ কৰিছে বাগিচা কৰ্তৃপক্ষৰ ওপৰত। কাৰণ চাহ বাগিচাৰ শ্ৰমিকসকলৰ মাজত এই মহামাৰীক লৈ এতিয়াও সজাগতা তথা সচেতনতাৰ সৃষ্টি হ’বলৈ বহুত বাকী।