உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আকৌ যেন উভতি আহিছে অতীতৰ দিনবোৰ! বাইক এৰি এতিয়া চাইকেলখনকে সংগী কৰিছে এই সকলে

    আকৌ যেন উভতি আহিছে অতীতৰ দিনবোৰ! বাইক এৰি এতিয়া চাইকেলখনকে সংগী কৰিছে এই সকলে

    ক্ৰমাৎ ঘুৰি আহিছে অতীতৰ দিনবোৰ! দীৰ্ঘদিনীয়া ল’ক ডাউনে যান্ত্ৰিকতাবোৰ আঁতৰাই সেউজীয়া কৰি তুলিছে নেকি আমাৰ মনবোৰ?

    ক্ৰমাৎ ঘুৰি আহিছে অতীতৰ দিনবোৰ! দীৰ্ঘদিনীয়া ল’ক ডাউনে যান্ত্ৰিকতাবোৰ আঁতৰাই সেউজীয়া কৰি তুলিছে নেকি আমাৰ মনবোৰ?

    ক্ৰমাৎ ঘুৰি আহিছে অতীতৰ দিনবোৰ! দীৰ্ঘদিনীয়া ল’ক ডাউনে যান্ত্ৰিকতাবোৰ আঁতৰাই সেউজীয়া কৰি তুলিছে নেকি আমাৰ মনবোৰ?

    • Share this:
    ক্ৰমাৎ ঘুৰি আহিছে অতীতৰ দিনবোৰ! দীৰ্ঘদিনীয়া ল’ক ডাউনে যান্ত্ৰিকতাবোৰ আঁতৰাই সেউজীয়া কৰি তুলিছে নেকি আমাৰ মনবোৰ? এনে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে, শেহতীয়াকৈ দেখিবলৈ পোৱা কেতবোৰ যোগাত্মক ছবিয়ে।

    আজিৰ পৰা প্ৰায় ১৫, ২০ বছৰ মানৰ আগৰ কথা, হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ সন্তানে এখন চাইকেল বিচাৰি পিতৃ-মাতৃৰ ওচৰত আবদাৰ কৰা দেখা গৈছিল।সময়ৰ সোঁতত পৰিবেশ সলনি হ'ল। পাটি-চাইকেলৰ স্থান দখল কৰিলে বিলাসী মটৰচাইকেলে। কিন্তু সেয়াও যেন ক্ষণস্থায়ী আছিল!

    দীৰ্ঘদিনীয়া ল’ক ডাউনৰ সময়ছোৱাত পুনৰ জনপ্ৰিয়তা বাঢ়িছে পাটি-চাইকেলখনৰ। প্ৰদূষণমুক্ত সমাজ, নিৰোগী স্বাস্থ্যৰ বাবে আজি কেৱল ছাত্ৰ-ছাত্ৰীয়েই নহয়, যুৱচামৰ লগতে বয়োজ্যেষ্ঠজনেও দুচকীয়া চাইকেলখনৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰা পৰিলক্ষিত হৈছে। আৰু এনে পৰিবেশ কেৱল নগৰ-চহৰাঞ্চলতেই নহয়, গ্ৰামাঞ্চলতো বৃদ্ধি পাইছে।

    এই সন্দৰ্ভত যোৰহাটৰ ভালেসংখ্যক যুৱকৰ পৰা জানিব বিচৰাত তেওঁলোকে অৱগত কৰে যে - চাইকেল চলোৱাৰ মাদকতাই সুকীয়া আছিল। শীৰৰটো ভালে ৰখাৰ লগতে মটৰচাইকেলে বৃদ্ধি কৰা সম্বন্ধবোৰৰ মাজৰ দূৰত্ব হ্ৰাস কৰি আত্মীয়তা বঢ়াই তুলিছে।আধুনিকতাৰ ধামখুমিয়াত হেৰাই যোৱা বহু সম্বন্ধ যেন ঘূৰাই আনিছে চাইকেলখনে।

    ইপিনে যোৱা দুটা মাহত সৰ্বাধিক চাইকেল বিক্ৰী হৈছে যোৰহাটৰ অধিকাংশ চাইকেলৰ দোকানত। এগৰাকী চাইকেল ব্যৱসায়ীক প্ৰতিষ্ঠানৰ গৰাকীয়ে জনোৱা মতে- কিছুদিন পুৰ্বলৈকে দিনটোত এখন চাইকেল বিক্ৰী কৰিবলৈ চিন্তা কৰিব লগীয়া হয় যদিও, বৰ্তমান গ্ৰাহকক সময়মতে চাইকেল যোগান ধৰিব নোৱাৰা অৱস্থা। গ্ৰাহকে নিজৰ চাইকেলখন ক্ৰয় কৰিবলৈ আগতীয়াকৈ  বুকিং কৰিবলগীয়াও হৈছে।
    Published by:Himangshu Bhuyan
    First published: