শুক্ৰবাৰে অসমত ক'ৰোনা ভাইৰাছৰ সংক্ৰমণত আক্ৰান্তৰ সংখ্যা কিছু কম হোৱা পৰিলক্ষিত হৈছে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই টুইটাৰত প্ৰকাশ কৰা এক তথ্য অনুসৰি, বৃহস্পতিবাৰৰ দিনটোত অসমত ১১৯টা ক'ৰোনা ভাইৰাছ সংক্ৰমণৰ নতুন ঘটনা পোহৰলৈ আহিছে।
মন কৰিবলগীয়া যে, ১৮ আগষ্টৰ দিনটোত ক'ৰোনা ভাইৰাছৰ সংক্ৰমণৰ কবলত পৰা ব্যক্তিৰ সংখ্যা ইয়াৰ পূৰ্বৰ দিনটোৰ তুলনাত অৰ্থাৎ ১৭ আগষ্টতকৈ কিছু পৰিমাণে হ্ৰাস পাইছে । বিশেষ যে, ১৭ আগষ্টৰ দিনটোত কভিদ–১৯ পৰীক্ষা কৰা লোকৰ সংখ্যা ইয়াৰ পূৰ্বৰ দিনটোতকৈ বেছি আছিল যদিও ইয়াৰ কবলত পৰা লোকৰ সংখ্যা হ্ৰাস পাইছে। জানিব পৰা মতে, বিগত তিনিদিন ধৰি অসমত ক'ৰোনাৰ ফলত হোৱা মৃত্যুৰ সংখ্যা শূন্য আছিল।
উল্লেখযোগ্য যে, ১৮ আগষ্টত কভিদ–১৯ পৰীক্ষা কৰা ৬,২১৪ জন মানুহৰ ভিতৰত ১১৯ জন মানুহৰ দেহত ক'ৰোনা ভাইৰাছ ধৰা পৰিছে। কামৰূপ মহানগৰত বিগত দিনটোত ১৫ জন লোক ক'ৰোনা ভাইৰাছ কবলত পৰিছে যদিও ক'ৰোনা ভাইৰাছ সংক্ৰমণৰ ফলত এজন লোকেও প্ৰাণ হেৰুৱাব লগা হোৱা নাই।
স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ১৭ আগষ্ট তাৰিখে অসমত ৪,৪০৮ জন লোকে কভিদ–১৯ পৰীক্ষা কৰে, তাৰ ভিতৰত ১৭৪ জন লোক ক'ৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল। ক'ৰোনাত আক্ৰান্ত লোকসকলৰ ভিতৰত ২৬ জন লোক কামৰূপ মহানগৰৰ আছিল। এইখিনিতে উল্লেখনীয় যে, ১৮ আগষ্টত ক'ৰোনা সংক্ৰমণৰ নিৰ্মূল হোৱা লোকৰ হাৰ ৯৮.৫৩ শতাংশ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|