• Home
  • »
  • News
  • »
  • assam
  • »
  • Covid-19 Update: অসমত ক্ৰমান্বয়ে কম বেছি পৰিমাণে বৃদ্ধি পাইছে ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ

Covid-19 Update: অসমত ক্ৰমান্বয়ে কম বেছি পৰিমাণে বৃদ্ধি পাইছে ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ

বুধবাৰৰ দিনটোত অসমত ১৭৪টা নতুন ক'ৰোনা ভাইৰাছ সংক্ৰমণৰ ঘটনা ধৰা পৰিছে।

বুধবাৰৰ দিনটোত অসমত ১৭৪টা নতুন ক'ৰোনা ভাইৰাছ সংক্ৰমণৰ ঘটনা ধৰা পৰিছে।

বুধবাৰৰ দিনটোত অসমত ১৭৪টা নতুন ক'ৰোনা ভাইৰাছ সংক্ৰমণৰ ঘটনা ধৰা পৰিছে।

  • Share this:
অসমত ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিদিনে কম বেছি পৰিমাণে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰা এক তথ্য অনুসৰি বুধবাৰৰ দিনটোত অসমত ১৭৪টা নতুন ক'ৰোনা ভাইৰাছ সংক্ৰমণৰ ঘটনা ধৰা পৰিছে। মন কৰিবলগীয়া যে, ১৭ আগষ্টৰ দিনটোত ক'ৰোনা ভাইৰাছৰ সংক্ৰমণৰ কবলত পৰা ব্যক্তিৰ সংখ্যা ইয়াৰ পূৰ্বৰ দিনটোৰ তুলনাত অৰ্থাৎ ১৬ আগষ্টতকৈ কিছু পৰিমাণে হ্ৰাস হৈছে । অৱশ্যে, ১৭ আগষ্টৰ দিনটোত কভিদ–১৯ পৰীক্ষা কৰা লোকৰ সংখ্যা ইয়াৰ পূৰ্বৰ দিনটোতকৈ কিছু কম আছিল। জানিব পৰা মতে, বিগত দুটা দিন ধৰি অসমত মৃত্যুৰ সংখ্যা শূন্য অৰ্থাৎ এজন ব্যক্তিৰো ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা নাই।

উল্লেখযোগ্য যে, কভিদ–১৯ পৰীক্ষা কৰা ৪,৮০৮ জন মানুহৰ ভিতৰত ১৭৪ জন মানুহৰ দেহত ক'ৰোনা ভাইৰাছ ধৰা পৰিছে। উক্ত দিনটোত ক'ৰোনা ভাইৰাছৰ বৃদ্ধিৰ হাৰ ৩.৬২ শতাংশলৈ হ্ৰাস পাইছে যি ১৬ আগষ্টৰ দিনটোত ৩.৬৭ শতাংশ আছিল। কামৰূপ মহানগৰত বিগত দিনটোত ২৬ জন লোক ক'ৰোনা ভাইৰাছ কবলত পৰিছে যদিও ক'ৰোনা ভাইৰাছ সংক্ৰমণৰ ফলত এজন লোকেও প্ৰাণ হেৰুৱাব লগা হোৱা নাই। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা এক তথ্য অনুসৰি, ১৬ আগষ্ট তাৰিখে অসমত ৫,৫০২ জন লোকে কভিদ–১৯ পৰীক্ষা কৰে, তাৰ ভিতৰত ২০২ জন লোক ক'ৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল। ক'ৰোনাত আক্ৰান্ত লোকসকলৰ ভিতৰত ২৩ জন লোক কামৰূপ মহানগৰৰ আছিল। এইখিনিতে উল্লেখনীয় যে, ১৭ আগষ্টত ক'ৰোনা সংক্ৰমণৰ নিৰ্মূল হোৱা লোকৰ হাৰ ৯৮.৫৩ শতাংশ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি