• Home
  • »
  • News
  • »
  • assam
  • »
  • New SOP : কাইলৈৰ পৰা ৰাজ্যত কাৰ্যকৰী হ’ব নতুন SOP, আন্তঃজিলা যাতায়াতত অনুমতি, বাতিল যুগ্ম–অযুগ্ম সংখ্যাৰ নিয়ম, আৰু কি কি আছে SOPত?

New SOP : কাইলৈৰ পৰা ৰাজ্যত কাৰ্যকৰী হ’ব নতুন SOP, আন্তঃজিলা যাতায়াতত অনুমতি, বাতিল যুগ্ম–অযুগ্ম সংখ্যাৰ নিয়ম, আৰু কি কি আছে SOPত?

নতুন এছঅ’পি অনুসৰি, ৰাজ্যজুৰি আৰু এঘণ্টা শিথিল হ'ব নৈশ সান্ধ্য আইন। সকলো জিলাতে নিশা ৭.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ সান্ধ্য আইন।

নতুন এছঅ’পি অনুসৰি, ৰাজ্যজুৰি আৰু এঘণ্টা শিথিল হ'ব নৈশ সান্ধ্য আইন। সকলো জিলাতে নিশা ৭.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ সান্ধ্য আইন।

নতুন এছঅ’পি অনুসৰি, ৰাজ্যজুৰি আৰু এঘণ্টা শিথিল হ'ব নৈশ সান্ধ্য আইন। সকলো জিলাতে নিশা ৭.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ সান্ধ্য আইন।

  • Share this:
ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিথিল কৰা হৈছে নীতি–নিয়ম। ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন এছঅ’পি। কোভিড সম্পৰ্কীয় নতুন এছঅ'পি ১৮ আগষ্ট ২০২১ৰ পুৱা ৫.০০ বজাৰ পৰা কাৰ্যকৰী হ'ব।

নতুন এছঅ’পি অনুসৰি, ৰাজ্যজুৰি আৰু এঘণ্টা শিথিল হ'ব নৈশ সান্ধ্য আইন। সকলো জিলাতে নিশা ৭.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ সান্ধ্য আইন। সন্ধিয়া ৬.০০ বজালৈ খোলা থাকিব সকলো কাৰ্যালয়-কৰ্মক্ষেত্ৰ, হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব'ৰুম, গেলামালৰ দোকান, ফলমূল, পাচলিৰ দোকান।

আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাতো শিথিলতাৰ ব্যৱস্থা। কামৰূপ (মহানগৰ) জিলাৰ বাদে আন জিলাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ ব্যক্তিগত যান-বাহনেৰে আন্তঃ জিলা যাতায়াতত অনুমতি। ৰাজহুৱা পৰিবহন, যাত্ৰী পৰিবাহী বাহনেৰে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত বাহাল থাকিব নিষেধাজ্ঞা। কামৰূপ (মহানগৰ) জিলাৰ পৰা অন্য জিলালৈ আৰু আন জিলাৰ পৰা কামৰূপ (মহানগৰ) জিলালৈ আহ-যাহত নিষেধাজ্ঞা বাহাল। দৈনিক যুগ্ম-অযুগ্ম সংখ্যাৰ (Odd-Even Numbers) বাহন চলাচলৰ নিয়মো বাতিল কৰা হৈছে।

নতুন এছঅ’পি অনুসৰি বিবাহ, সকাম আদি ঘৰুৱা মাংগলিক অনুষ্ঠানত ভাগ ল'ব পাৰিব সৰ্বাধিক ২৫ গৰাকী লোকে। অন্তিম সৎকাৰত ভাগ ল'ব পাৰিব সৰ্বাধিক ২৫ গৰাকী লোকে।

কামাখ্যা মন্দিৰত প্ৰতি ঘণ্টাত সৰ্বাধিক ২০ গৰাকী লোকৰ দৰ্শনত অনুমতি, কেৱল দুয়ো পালি কোভিড প্ৰতিষেধক লোৱা লোকেহে মন্দিৰ চৌহদত প্ৰৱেশ কৰিব পাৰিব। অন্য ধৰ্মীয় স্থানত সৰ্বাধিক ১০ গৰাকী লোকৰ অংশগ্ৰহণত অনুমতি দিয়া হৈছে।

ৰিজ'ৰ্ট, হোটেল, ধাবাসমূহ মুঠ আসন ক্ষমতাৰ ৫০ শতাংশ আসনৰ গ্ৰাহকেৰে সন্ধিয়া ৬.০০ বজালৈকে খোলা ৰাখিব পাৰিব। বন্ধ থাকিব চিনেমা হল। বিমানবন্দৰত দুই পালি কোভিড ভেকচিন হোৱা ব্যক্তি আৰু শেষৰ টেষ্ট কৰা চাৰ্টিফিকেট হোৱা লোকে টেষ্ট কৰিব নালাগে।

আনহাতে, এমবিবিএছৰ চূড়ান্ত বৰ্ষ, বিএছচি নাৰ্ছিঙৰ চূড়ান্ত বৰ্ষ, ইঞ্জিনিয়াৰিঙৰ চূড়ান্ত বৰ্ষ আৰু জিএনএমৰ তৃতীয় বৰ্ষৰ ক্ষেত্ৰত শ্ৰেণীকোঠাত পাঠদান আৰম্ভ কৰিব পাৰিব। পাঠ গ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক দুয়োপালি কোভিড প্ৰতিষেধক গ্ৰহণ কৰিহে শ্ৰেণীকোঠালৈ অহাৰ পৰামৰ্শ। এৰোনেটিকেল ইঞ্জিনিয়াৰিং ইন্সটিটিউটত শ্ৰেণীকোঠাৰ পাঠদান পৰ্ব মুকলিৰ বাবে বিশেষ অনুমতি প্ৰদান।

কমেও এপালি কোভিড প্ৰতিষেধক লোৱা চৰকাৰী বিষয়া-কৰ্মচাৰী নিয়মীয়াকৈ আহিব লাগিব কাৰ্যালয়লৈ। ৩ বছৰৰ তলৰ শিশুৰ মাতৃ চৰকাৰী কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰিব পাৰিব। ভাদ মাহৰ ক্ষেত্ৰত নামঘৰত ৫০ শতাংশ বা সামাজিক দূৰত্ব মানি কাম সমাপন কৰিবলৈ আহ্বান। পিছৰ পৰ্যায়ৰ এছ অ’ পিত ৫০ শতাংশ উপস্থিতিৰে চিনেমা হল খোলাৰ চিন্তা-চৰ্চা কৰাৰ সম্ভাৱনা। পিছৰ পৰ্যায়ত যাত্ৰীবাহী বাছ চলাচল কৰাৰ ক্ষেত্ৰত চিন্তা কৰা হ’ব। কাইলৈৰ পৰা এই নতুন এছ অ পি প্ৰযোজ্য হ’ব।
Published by:Sanjay Kumar Das
First published: