
File Photo
অসমৰ কাছাৰ জিলাত কোভিড-১৯ ৰ ঘটনা তীব্ৰভাৱে বৃদ্ধি পোৱাৰ লগে লগে জিলা প্ৰশাসনে পুনৰ জিলাখনৰ সকলো কাৰ্যালয় আৰু ৰাজহুৱা অনুষ্ঠানত Mask পিন্ধাটো বাধ্যতামূলক কৰিছে।
অসমৰ কাছাৰ জিলাত কোভিড-১৯ ৰ ঘটনা তীব্ৰভাৱে বৃদ্ধি পোৱাৰ লগে লগে জিলা প্ৰশাসনে পুনৰ জিলাখনৰ সকলো কাৰ্যালয় আৰু ৰাজহুৱা অনুষ্ঠানত Mask পিন্ধাটো বাধ্যতামূলক কৰিছে। কাছাৰ জিলাৰ উপায়ুক্তই এক নিৰ্দেশ জাৰি কৰি কয় যে যোৱা এসপ্তাহত কাছাৰ জিলাত কোভিড-১৯ গোচৰৰ বৰ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত কোভিড নিৰ্দেশনা কাৰ্যকৰী কৰা হৈছে।
সংবাদ সংস্থা ANIৰ এক প্ৰতিবেদন অনুসৰি, সংশ্লিষ্ট সকলো বিষয়াক ইয়াৰ পালন নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। নিৰ্দেশটোত কোৱা হৈছিল যে কাছাৰ জিলাৰ সকলো বিষয়াই তেওঁলোকৰ নিজ নিজ কাৰ্যালয় বা এলেকাত নিয়মীয়া ৰাজহুৱা সেৱাৰ সময়ত (চৰকাৰী আৰু ব্যক্তিগত দুয়োটা) Mask পিন্ধিব লাগিব আৰু কোভিড অনুগত আচৰণ বজাই ৰাখিব লাগিব। আদেশটোত কোৱা হৈছে যে সকলো স্বাস্থ্য প্ৰতিষ্ঠান/ চিকিৎসক, পেৰামেডিকেল কৰ্মচাৰী আৰু চিকিৎসালয়ৰ অন্যান্য কৰ্মচাৰীসকলে সেৱাৰ সময়ত মাস্ক পিন্ধিব লাগিব। যিকোনো ধৰণৰ সমাৱেশত উপস্থিত থাকোঁতে সকলো মানুহে বাধ্যতামূলকভাৱে মাস্ক ব্যৱহাৰ কৰিব লাগিব।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|