দুদিনৰ বাবে পুনৰ  CIDৰ জিম্মালৈ শৃংখল চলিহা, মাতৃয়ে ক’লে, ‘আৰু দৃঢ় হ’ব লাগিব শৃংখল’

News18 Assam | News18-Assam
Updated:December 29, 2019, 8:21 AM IST
দুদিনৰ বাবে পুনৰ  CIDৰ জিম্মালৈ শৃংখল চলিহা, মাতৃয়ে ক’লে, ‘আৰু দৃঢ় হ’ব লাগিব শৃংখল’
CIDয়ে CJM আদালতত হাজিৰ কৰাইছিল শৃংখল চলিহাক

CIDয়ে CJM আদালতত হাজিৰ কৰাইছিল শৃংখল চলিহাক

  • Share this:
ৰাজ্যত অব্যাহত আছে CAAৰ বিৰুদ্ধে প্ৰতিবাদ। বিতৰ্কিত আইনখনৰ বিৰুদ্ধে ৰাজপথত অসমীয়া ৰাইজ। আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দিয়াত আগভাগ লৈছে শৃংখল চলিহাই। কিন্তু ৰাইজক উচটনি দিয়াৰ অভিযোগত CID এ গ্ৰেপ্তাৰ কৰিছে শৃংখল চলিহাক। শনিবাৰে  দুদিনৰ বাবে পুনৰ CIDৰ জিম্মালৈ শৃংখল চলিহা।

CIDয়ে CJM আদালতত হাজিৰ কৰাইছিল শৃংখল চলিহাক। CIDয়ে পুনৰ ৩ দিনৰ জিম্মাত বিচাৰিছিল শৃংখল চলিহাক।  আদালতৰ চৌহদত শৃংখলৰ আহ্বান অসমৰ ৰাইজে আন্দোলন অব্যাহত ৰাখক।

কিন্তু এতিয়াও হতাশ হোৱা নাই শৃংখলৰ মাতৃ। মাতৃয়ে কৈছে, ‘তই আৰু দৃঢ় হ’ব লাগিব, ৰাইজ আন্দোলন অব্যাহত ৰাখক।’
Published by: Himangshu Bhuyan
First published: December 29, 2019, 8:21 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading