• Home
  • »
  • News
  • »
  • assam
  • »
  • Victor Das : ভিক্টৰ দাসক পূৰ্ণাংগ জামিন আদালতৰ, আৰক্ষীৰ কেছ ডায়েৰী প্ৰত্যক্ষ কৰি ন্যায়ালয়ে লয় এই সিদ্ধান্ত

Victor Das : ভিক্টৰ দাসক পূৰ্ণাংগ জামিন আদালতৰ, আৰক্ষীৰ কেছ ডায়েৰী প্ৰত্যক্ষ কৰি ন্যায়ালয়ে লয় এই সিদ্ধান্ত

কেছ ডায়েৰী প্ৰত্যক্ষ কৰি কোনো তথ্য নোপোৱা বুলি আদালতে উল্লেখ কৰে

কেছ ডায়েৰী প্ৰত্যক্ষ কৰি কোনো তথ্য নোপোৱা বুলি আদালতে উল্লেখ কৰে

কেছ ডায়েৰী প্ৰত্যক্ষ কৰি কোনো তথ্য নোপোৱা বুলি আদালতে উল্লেখ কৰে

  • Share this:
ভিক্টৰ দাসক পূৰ্ণাংগ জামিন প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। আৰক্ষীয়ে গোচৰ সংক্ৰান্তত দাখিল কৰা কেছ ডায়েৰী চাই উচ্চ ন্যায়ালয়ে ভিক্তৰক জামিন দিয়ে শুকুৰবাৰে।

তথ্য অনুসৰি, কেছ ডায়েৰী প্ৰত্যক্ষ কৰি কোনো তথ্য নোপোৱা বুলি আদালতে উল্লেখ কৰে। সেয়ে তেওঁৰ ওপৰত আৰোপ কৰা ১৫৩ (এ) ধাৰা প্ৰযোজ্য নহয় বুলি ভিক্টৰৰ অধিবক্তাই দৰ্শোৱা যুক্তিত সন্মতি প্ৰকাশ কৰে ন্যায়ালয়ে।

উল্লেখ্য, ৰাজ্যৰ ২৬ হাজাৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰিৰ অভিযোগ তোলাৰ পিছত ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা কাৰ্যই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। এই প্ৰতিক্ৰিয়াৰ পিছতে তেওঁক অন্তৰ্ৱৰ্তীকালীন জামিনত মুক্তি দিয়া হৈছিল যদিও টেট শিক্ষকগৰাকীক চৰকাৰী নীতি অনুসৰি নিলম্বন কৰা হৈছিল।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি