• Home
  • »
  • News
  • »
  • assam
  • »
  • GPF Money: ন্যায়ালয়ে ৬২ হাজাৰ টকাত নিলাম কৰিলে বিদ্যালয় উপ-পৰিদৰ্শকৰ কাৰ্যালয়ৰ আচবাব

GPF Money: ন্যায়ালয়ে ৬২ হাজাৰ টকাত নিলাম কৰিলে বিদ্যালয় উপ-পৰিদৰ্শকৰ কাৰ্যালয়ৰ আচবাব

এগৰাকী শিক্ষয়িত্ৰীৰ প্ৰভিডেণ্ট ফাণ্ডৰ ধন আত্মসাত্‍ কৰাৰ বাবে হাইলাকান্দিৰ মুনছিফ আদালতে প্ৰদান কৰে এই নিৰ্দেশ। 

এগৰাকী শিক্ষয়িত্ৰীৰ প্ৰভিডেণ্ট ফাণ্ডৰ ধন আত্মসাত্‍ কৰাৰ বাবে হাইলাকান্দিৰ মুনছিফ আদালতে প্ৰদান কৰে এই নিৰ্দেশ। 

এগৰাকী শিক্ষয়িত্ৰীৰ প্ৰভিডেণ্ট ফাণ্ডৰ ধন আত্মসাত্‍ কৰাৰ বাবে হাইলাকান্দিৰ মুনছিফ আদালতে প্ৰদান কৰে এই নিৰ্দেশ। 

  • Share this:
হাইলাকান্দিত আজৱ কাণ্ড। ন্যায়ালয়ৰ নিৰ্দেশত নিলাম হ'ল হাইলাকান্দিৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ৰ আচবাব পত্ৰ । এগৰাকী শিক্ষয়িত্ৰীৰ প্ৰভিডেণ্ট ফাণ্ডৰ ধন আত্মসাত্‍ কৰাৰ বাবে হাইলাকান্দিৰ মুনছিফ আদালতে প্ৰদান কৰে এই নিৰ্দেশ ।

হাইলাকান্দি জিলাৰ ১৭ নং চিপাৰসাঙন নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী সুষমা শৰ্মাই অৱসৰ গ্ৰহণ কৰিছিলে ২০০৮ চনত । চৰকাৰি নিয়ম অনুসৰি অৱসৰ গ্ৰহণৰ পিছতেই পাব লাগে জেনেৰেল প্ৰভিডেণ্ট ফাণ্ড বা GPFত জমা কৰা ধন। কিন্তু সুষমা শৰ্মাই কেইবাবছৰৰ পিছতো ধন নোপোৱাৰ বাবে অৱশেষত ন্যায়ালয়ৰ দ্বাৰস্থ হয়।

ন্যায়ালয়ত দীৰ্ঘ দিন গোচৰ চলাৰ পিছতে যোৱা ২০১৭ চনৰ ২৮ এপ্ৰিলত সুষমা শৰ্মাক মুঠ ২ লাখ ১৮ হাজাৰ টকা আদায় দিয়াৰ নিৰ্দেশ দিয়ে । কিন্তু যোৱা ৫ বছৰ ধৰি এই ধন শিক্ষা বিভাগে নিদিয়াৰ বাবে এতিয়া ন্যায়ালয়ে বিদ্যালয় উপ-পৰিদৰ্শক কাৰ্যালয়ৰ আচবাব নিলাম কৰাৰ নিৰ্দেশ দিয়ে। সেই অনুসৰি আজি ন্যায়ালয়ৰ লোক হাইলাকান্দি এডুকেচন কমপ্লেক্সত উপস্থিত হৈ মুঠ ৬২ হাজাৰ টকা মূল্যৰ সামগ্ৰী নিলাম কৰে ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি