ফেভিকলৰ বিজ্ঞাপন বুলি ভুল নকৰিব, এয়া গুৱাহাটীৰ দৃশ্য

News18-Assam
Updated:November 24, 2019, 1:17 PM IST
ফেভিকলৰ বিজ্ঞাপন বুলি ভুল নকৰিব, এয়া গুৱাহাটীৰ দৃশ্য
যিসময়ত পথ সুৰক্ষা, যান-বাহন আইন সম্পৰ্কে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে চৰকাৰ-প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা, তেনে সময়ত নিজৰ পৰিয়ালটোৰ কথাও নাভাবি কৰা এই যাত্ৰা মুঠেই গ্ৰহণযোগ্য নহয়৷

যিসময়ত পথ সুৰক্ষা, যান-বাহন আইন সম্পৰ্কে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে চৰকাৰ-প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা, তেনে সময়ত নিজৰ পৰিয়ালটোৰ কথাও নাভাবি কৰা এই যাত্ৰা মুঠেই গ্ৰহণযোগ্য নহয়৷

  • Share this:
টিভিত ফেভিকলৰ সেই জনপ্ৰিয় বিজ্ঞাপনটো সকলোৱে দেখিছে৷ কিন্তু এয়া তেনে কোনো বিজ্ঞাপন নহয়৷ এয়া গুৱাহাটী মহানগৰীৰ জি এছ ৰোডৰ দৃশ্য৷ দেওবাৰে মহানগৰীত এখন বাইকৰ ওপৰত এনেদৰে অতি বিপদ সংকুলভাৱে যাত্ৰা কৰিছে এটা পৰিয়ালে৷ এখন বাইকত মুঠ ৫ জন৷ পিতৃ-মাতৃয়ে হেলমেট পৰিধান কৰিছে ঠিকেই, কিন্তু শিশু ৩টাৰহে নাই কোনোধৰণৰ সুৰক্ষা৷

যিসময়ত পথ সুৰক্ষা, যান-বাহন আইন সম্পৰ্কে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে চৰকাৰ-প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা, তেনে সময়ত নিজৰ পৰিয়ালটোৰ কথাও নাভাবি কৰা এই যাত্ৰা মুঠেই গ্ৰহণযোগ্য নহয়৷ আনহাতে, দুচকীয়া বাহনত দুজনতকৈ অধিক উঠিলে নতুন যান–বাহন আইন অনুসৰি ২০০০ টকাৰ জৰিমনাৰ লগতে ৩ বছৰৰ বাবে লাইচেঞ্চ বাতিল কৰাৰ শাস্তি উল্লেখ আছে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি