ৰাজ্যত পুনৰ দম্পতীৰ ৰহস্যজনক আত্মহত্যা। দক্ষিণ কামৰূপৰ উপৰহালী ককিলাপাৰাত এহাল দম্পতীৰ ৰহস্যজনক আত্মহত্যাক লৈ চাঞ্চল্যৰ সৃষ্টি হয় অঞ্চলটোত । চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱা দম্পতীটোৰ মৃতদেহ নিজ বাসগৃহৰ শোৱনি কোঠাতে ৰহস্যজনকভাৱে মুখামুখিকৈ ওলমি আছিল (Couple Suicide at South Kamrup)।
মৃত দম্পতীটোৰ স্বামী টিংকুমণি দাস (২২) আৰু পত্নী দীপিকা দাস (২০)ক এনে অৱস্থাত প্ৰত্যক্ষ কৰি স্বাভাৱিকতে সৃষ্টি হয় ৰহস্যৰ। এটি ৪ বছৰীয়া কণমানি সন্তান থকা দম্পতীটোৰ আত্মহত্যাৰ প্ৰকৃত ৰহস্য এতিয়াও পোহৰলৈ অহা নাই ।
এই আত্মহত্যাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে উপৰহালি অঞ্চলত । ঘটনাস্থলীত পলাশবাৰী আৰক্ষী আৰু বিজয়নগৰ আৰক্ষী উপস্থিত হয় মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|