Couple Missing : ১৩ ছেপ্টেম্বৰৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে শনিৰাম বৰ্মন আৰু চম্পাৱতী বৰ্মন ৷ সন্ধিয়া নিজ ঘৰৰ পৰা দুয়ো ওলাই যোৱাৰ পিছত শুংসূত্ৰ নাই দুয়োৰে ৷
Couple Missing : ১৩ ছেপ্টেম্বৰৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে শনিৰাম বৰ্মন আৰু চম্পাৱতী বৰ্মন ৷ সন্ধিয়া নিজ ঘৰৰ পৰা দুয়ো ওলাই যোৱাৰ পিছত শুংসূত্ৰ নাই দুয়োৰে ৷
বঙাইগাঁৱত ১৩ দিন ধৰি সন্ধানহীন এক দম্পতী ৷ বঙাইগাঁৱ (Bongaigaon)ৰ চাপৰাকাটাৰ শনিৰাম বৰ্মন আৰু চম্পাৱতী বৰ্মন নামৰ এক দম্পতী (Couple Missing) যোৱা ১৩ ছেপ্টেম্বৰৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে ৷ সন্ধিয়া নিজ ঘৰৰ পৰা দুয়ো ওলাই যোৱাৰ পিছত শুংসূত্ৰ নাই দুয়োৰে ৷ দম্পত্তী হালৰ মাজত কাজিয়া-পেচাল নাই বাবে হঠাতে অন্তৰ্ধান হৈ পৰাত ৰহস্যৰ সৃষ্টি হৈছে ।
একাংশ লোকে কিছু দিন পূৰ্বে শনিৰাম বৰ্মনক অকলশৰীয়া অৱস্থাত প্ৰত্যক্ষ কৰিছিল যদিও বৰ্তমান সময়ত পৰিয়ালৰ লোকে সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ৷ মানসিকভাৱে কিছু অসুস্থ শনিৰাম বৰ্মনে নিজ পত্নীক লৈ ওলাই যোৱাৰ পিছতে নোহোৱা হৈ পৰাত স্বাভাৱিকতে শংকিত হৈ পৰিছে পৰিয়ালৰ বাকী লোকসকল।
পৰিয়ালৰ লোকে আত্মীয় স্বজন আৰু চিনাকী লোকসকলৰ সহযোগত বিচাৰি আছে যদিও সন্ধান পোৱা নাই । বঙাইগাঁও থানাত পৰিয়ালৰ তৰফৰ পৰা এজাহাৰ (Missing FIR) দাখিল কৰিছে যদিও দুয়োৰে সন্ধান পোৱা নাই ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|