• Home
  • »
  • News
  • »
  • assam
  • »
  • বকলীয়াঘাটত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল স্বামী–স্ত্ৰীৰ

বকলীয়াঘাটত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল স্বামী–স্ত্ৰীৰ

সমীপৰ পাহাৰত থকা ঝুমতলীত বাস কৰিছিল দম্পতীহালে।

সমীপৰ পাহাৰত থকা ঝুমতলীত বাস কৰিছিল দম্পতীহালে।

সমীপৰ পাহাৰত থকা ঝুমতলীত বাস কৰিছিল দম্পতীহালে।

  • Share this:


বকলীয়াঘাটত বনৰীয়া হাতীৰ আক্ৰমণত দম্পতী নিহত। টিককলাংছ’ নামৰ পাহাৰীয়া এলেকাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় স্বামী–স্ত্ৰী। টিককলাংছ’ৰ কেহাই কে আপ গাঁৱৰ নিবাসী চাৰবুঢ়া মিলিক (৪০) আৰু তেওঁৰ পত্নী ফুডাং কে আপী (৩৭)ৰ মৃত্যু হাতীৰ আক্ৰমণত।

সমীপৰ পাহাৰত থকা ঝুমতলীত বাস কৰিছিল দম্পতীহালে। নিশা এটা বনৰীয়া হাতীয়ে দম্পতীহালৰ বাসগৃহত তাণ্ডৱ চলাই ভঁৰালৰ সাঁচতীয়া ধান খাই তহিলং কৰে। তাৰ পিছতে দম্পতীহালৰ ঝুমতলীত থকা আৱাসগৃহটো ভাঙি লণ্ডভণ্ড কৰাৰ লগতে দুৰ্ভগীয়া দম্পতীহালকো গচকি হত্যা কৰে বনৰীয়া হাতীয়ে। পিছত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
Published by:Sanjay Kumar Das
First published: