এয়া দুৰ্ঘটনা নে আত্মহত্যা বৰ্তমানলৈ জানিব পৰা হোৱা নাই। এয়া দুৰ্ঘটনা নে আত্মহত্যা বৰ্তমানলৈ জানিব পৰা হোৱা নাই। ক্ষেত্ৰীৰ উলুবামত সংঘটিত হৈছে অতি কৰুণ ঘটনা। নামনি মুৱা কলং কপিলী এক্সপ্ৰেছৰ খুন্দাত নিহত হয় পতি–পত্নী। কলং কপিলী এক্সপ্ৰেছৰ খুন্দাত নিহত দম্পতীটোক ইতিমধ্যে চিনাক্ত কৰা হৈছে (couple dies after being hit by train)।
তেওঁলোক ক্ৰমে ক্ষেত্ৰীৰ ২নং সেনাবৰৰ ৰাজীৱ পাহাৰীয়া ওৰফে টেটুন আৰু তেওঁৰ পত্নী চন্দ্ৰমা ছেত্ৰী বুলি জানিব পৰা গৈছে।
অৱশ্যে এয়া দুৰ্ঘটনা নে আত্মহত্যা বৰ্তমানলৈ জানিব পৰা হোৱা নাই। ঘটনাস্থলীত স্থানীয় ক্ষেত্ৰী আৰক্ষীৰ লগতে ৰে'লৱে আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
Published by: Gautam Barman
First published: August 05, 2022, 18:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|