
ল’ক ডাউনৰ ফলত তীব্ৰ আৰ্থিক সংকটত ভুগি এটা পৰিয়ালে ল’লে চূড়ান্ত সিদ্ধান্ত
ল’ক ডাউনৰ ফলত তীব্ৰ আৰ্থিক সংকটত ভুগি এটা পৰিয়ালে ল’লে চূড়ান্ত সিদ্ধান্ত
ল’ক ডাউনৰ ফলত তীব্ৰ আৰ্থিক সংকটত ভুগি এটা পৰিয়ালে ল’লে চূড়ান্ত সিদ্ধান্ত। লোন পৰিশোধ কৰিব নোৱৰি কণমানি সন্তানৰ ওচৰতে শৰীৰত জুই লগাই ত্যাগ কৰিলে জীৱন। মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে ধুবুৰীত। উল্লেখযোগ্য যে, পৰিয়াল পোহপালৰ বাবে ধুবুৰীৰ বিলাসীপাৰাৰ কনক নাথ নামৰ এজন লোকে এখন টেম্পু ক্ৰয় কৰিছিল। কিন্তু ল’ক ডাউনৰ ফলত আৰ্থিক ভাবে জুৰুলা হৈ পৰা পৰিয়ালটোৱে পৰিশোধ কৰিব পৰা নাছিল ঋণ।
উপায়হীন হৈ শুকুৰবাৰে পত্নী মাজনী নাথ আৰু কণক নাথে শৰীৰত জুই লগাই জীৱন ত্যাগৰ সিদ্ধান্ত লয়। লগে লগে হুৱাদুৱা লাগে চৌদিশে। লগে লগে স্থানীয় লোকে সংকটজনক অৱস্থাত দুয়োকে উদ্ধাৰ কৰি বৰপেটা চিকিত্সা মহাবিদ্যালয়লৈ লৈ যায় যদিও শনিবাৰে দুয়ো মৃত্যুক সাৱটি লয়। ঘটনাই এতিয়া শোকৰ ছাঁ পেলাইছে চৌদিশে। পিতৃ-মাতৃয়ে লোৱা এনে সিদ্ধান্তৰ ফলত এতিয়া নিথৰুৱা হৈ পৰিল তেওঁলোকৰ কণমানি সন্তানটি।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|