মুখ্যপৃষ্ঠা » খবৰ

» অসম

»সৰুপথাৰত অপহৰণকাৰী স্বামী–স্ত্ৰীক গ্ৰেপ্তাৰ, এগৰাকী কিশোৰীক বহিঃৰাজ্যলৈ নিয়াৰ চলাইছিল চেষ্টা

সৰুপথাৰত অপহৰণকাৰী স্বামী–স্ত্ৰীক গ্ৰেপ্তাৰ, এগৰাকী কিশোৰীক বহিঃৰাজ্যলৈ নিয়াৰ চলাইছিল চেষ্টা

News18 Assam | News18-Assam
Updated:September 2, 2021, 3:18 PM IST
সৰুপথাৰত অপহৰণকাৰী স্বামী–স্ত্ৰীক গ্ৰেপ্তাৰ, এগৰাকী কিশোৰীক বহিঃৰাজ্যলৈ নিয়াৰ চলাইছিল চেষ্টা
কিশোৰীগৰাকীৰ পৰিয়ালে দিয়া অভিযোগৰ ভিত্তিত সৰুপথাৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে অপহৰণকাৰী দম্পতীক। 

কিশোৰীগৰাকীৰ পৰিয়ালে দিয়া অভিযোগৰ ভিত্তিত সৰুপথাৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে অপহৰণকাৰী দম্পতীক। 

  • Share this:
সৰুপথাৰত কিশোৰী অপহৰণকাৰী দম্পতী আটক। ৰাইজে হাতে–লোটে আটক কৰি গতালে আৰক্ষীক। ধৃত অপহৰণকাৰী দম্পতী পাৰ্থ দাস (৩০) আৰু ৰিংকি দাস (২৮) বুলি চিনাক্ত। সৰুপথাৰ আৰু বৰপথাৰৰ বিভিন্ন ঠাইত ভাড়াঘৰত থাকে এই দম্পতী। কিশোৰীগৰাকীৰ পৰিয়ালে দিয়া অভিযোগৰ ভিত্তিত সৰুপথাৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে অপহৰণকাৰী দম্পতীক।

সৰুপথাৰ নগৰৰ ৪নং ৱাৰ্ডৰ এগৰাকী ন বছৰীয়া কিশোৰীক দুপৰীয়া ওচৰৰ দোকানলৈ লৈ বুলি আহোতে পাৰ্থ দাস আৰু ৰিংকি দাস নামৰ দম্পতীয়ে বাটৰ পৰা ফুচুলাই সৰুপথাৰ নগৰৰ ৩নং ৱাৰ্ডৰ ভাড়াঘৰলৈ নিয়ে। তাৰ পিছত ভাত–পানী খুৱাই এযোৰ নতুন কাপোৰ কিনি দি সৰুপথাৰ ৰে’ল ষ্টেচনত বহি থাকোতে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰি অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰে কিশোৰীগৰাকীক।

অপহৰণকাৰী দম্পতীয়ে কিশোৰীগৰাকীক অপহৰণ কৰি ভাড়াঘৰলৈ নি ভাত–পানী খুৱাই নতুন ফ্ৰক এটা কিনি দি পুনৰ সৰুপথাৰ ৰে’ল ষ্টেচনলৈ গৈ ৰে’লেৰে বহিঃৰাজ্যলৈ নিবলৈ অপেক্ষা কৰে। কিশোৰীগৰাকীয়ে ঘৰলৈ যাবলৈ বিচাৰোতে মৃত্যুৰ ভাবুকি দিয়ে। তেনে সময়তে পৰিয়ালৰ লোকে কিশোৰীগৰাকীক বিচাৰি পাই আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতেই সৰুপথাৰ ষ্টেচনত আৰক্ষী উপস্থিত হৈ কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰী দম্পতীক আটক কৰি লৈ যায় সৰুপথাৰ আৰক্ষী থানালৈ। ইফালে অপহৰণত অভিযুক্ত দাম্পতীৰ বিৰুদ্ধে আছে বহু অসামাজিক কাৰ্যত জড়িত থকাৰ অভিযোগ। আৰক্ষীৰ সঠিক তদন্তত হে পোহৰলৈ আহিব সকলো তথ্য।
Published by: Sanjay Kumar Das
First published: September 2, 2021, 3:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি