Counting Begins for By Election in Assam : ৫ সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ
পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ৫ সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা। ৩০ অক্টোবৰত অনুষ্ঠিত নিৰ্বাচনৰ ভোটগ্ৰহণৰ পিছত আজি ওলাব ফলাফল। প্ৰায় ৭ লাখ ভোটাৰে ইভিএমত বন্দী কৰিছে ৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।
মৰিয়নী, থাওৰা, ভবানীপুৰ, তামুলপুৰ আৰু গোসাঁইগাঁও সমষ্টিত অনুষ্ঠিত হৈছিল উপ নিৰ্বাচন। প্ৰথমে পোষ্টেল ভোট সমূহ গণনা কৰাৰ পিছত ইভিএমৰ ভোট গণনা কৰা হ'ব।
উল্লেখ্য যে ৫ সমষ্টিত সামগ্ৰিক ভোটদানৰ হাৰ আছিল প্ৰায় ৭৪ শতাংশ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|