কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা। সাধাৰণ সম্পাদকৰ পদত জয়ী ৰাহুল বৰদলৈ

News18-Assam
Updated:October 3, 2019, 4:36 PM IST
কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা
কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা। সাধাৰণ সম্পাদকৰ পদত জয়ী ৰাহুল বৰদলৈ
News18-Assam
Updated: October 3, 2019, 4:36 PM IST
কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা। সাধাৰণ সম্পাদকৰ পদত জয়ী ৰাহুল বৰদলৈ। স্বতন্ত্ৰ ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৰাহুলে।

সহঃ সাধাৰণ সম্পাদিকা পদত জয়লাভ অভিলাষা নেওগৰ। আছুৰ সমৰ্থিত প্ৰাৰ্থী আছিল অভিলাষা।

সভাপতি পদত জয়ী হীৰকজ্যোতি পাটোৱাৰী। স্বতন্ত্ৰ ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল হীৰকে।

উপ–সভানেত্ৰী পদত মনীষা ডেকাৰ জয়লাভ।স্বতন্ত্ৰ ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল মনীষাই। সেইদৰে  আলোচনী সম্পাদক পদত জয়লাভ কৰিছে আছুৰ সমৰ্থিত প্ৰাৰ্থী হৃষীকেশ গোস্বামীয়ে।
সমাজসেৱা বিভাগৰ দায়িত্বত স্বতন্ত্ৰ প্ৰাৰ্থী অংশুমিতা ভৰদ্বাজ। সাংস্কৃতিক বিভাগৰ দায়িত্বত আছু সমৰ্থিত অনিমেষ ভাগৱতী। সংগীত বিভাগৰ দায়িত্বত ছাত্ৰ মুক্তিৰ সমৰ্থিত অংকিতা ডেকা। আৰু শৰীৰ চৰ্চা বিভাগৰ দায়িত্বত আছু সমৰ্থিত মুকুল ডেকাই জয়লাভ কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি