ধোঁৱাচাঙত ৰাজ্য চৰকাৰৰ শূন্য সহনশীলতা নীতি! বৰাক উপত্যকাৰ সংখ্যালঘূ ছাত্ৰ-ছাত্ৰীৰ বৃত্তিৰ কোটি কোটি টকা আত্মসাৎ কৰে এচাম বিষয়াই। বৰাক উপত্যকাৰ তিনিখন জিলা ক্ৰমে কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জৰ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত ভয়াৱহ কেলেংকাৰী সংঘটিত হয়। ভুৱা বিল দেখুৱাই ছাত্ৰ-ছাত্ৰীৰ নামত অহা ধন আত্মসাৎ কৰে এচাম বিষয়াই।
অভিযোগ অনুসৰি ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষৰ সংখ্যালঘূ ছাত্ৰ ছাত্ৰীৰ বৃত্তিৰ ধন সমুলঞ্চে আত্মসাৎ কৰাৰ অভিযোগ উঠিছে শিক্ষা বিষয়া ৰাজীৱ প্ৰকাশ ঝা আৰু সংখ্যালঘূ বোৰ্ডৰ মুৰব্বীৰ বিৰুদ্ধে।। এই সন্দৰ্ভত বৰাকৰ বিভিন্ন ঠাইত বহু অভিভাৱকে স্কুল পৰিদৰ্শক ৰাজীৱ কুমাৰ ঝাৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। হাইলাকান্দি সদৰ সমষ্টিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰেও ৰাজিৱ কুমাৰ ঝাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীক দাবী জনাইছে।
স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰিৱৰ্তে বৰাকৰে ৪৫/৫০ বছৰীয়া এচাম লোকৰ একাউণ্টত জমা হৈছে উক্ত ধনৰাশী।বিভিন্ন জনে Nesw18ক জনোৱা মতে, এই দুৰ্নীতিৰ মাজৰ মানুহ হ’ল শিক্ষক ৰাজেশ পাল সহিতে বেংকৰ একাংশ বিষয়া। বৰাক উপত্যকাৰ লুণ্ঠনৰ তদন্ত চি আই ডিৰ জৰিয়তে অথবা মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ জৰিয়তে কৰিবলৈ আহ্বান জনাই হাইলাকান্দিৰ বিৰোধী বিধায়ক আনোৱাৰ হুছেইন লস্কৰে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : June 17, 2020, 20:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|